শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ শনিবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত উদযাপিত হয় শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান। ২০১০ চনৰ ১৮ ফেব্ৰুৱাৰীত বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাৰ্তাজীৱী সংঘৰ এক সন্মিলনত ভাগ লবলৈ গৈ টাঙ্গা দুৰ্ঘটনাত নিহত হৈছিল দত্ত আৰু বাৰ্তাজীৱী সংঘই তেখেতক শ্বহীদ ঘোষণা কৰিছিল।ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ক্লাবৰ কাৰ্য্যকৰী সভাপতি দীপেন বৰা আৰু জ্যেষ্ঠ সদস্য জীৱন গোস্বামীয়ে। ইয়াৰ পিছতেই প্ৰয়াত দত্তদেৱৰ গুণৰাশিৰ ওপৰত আলোকপাত কৰে দীপেন বৰা আৰু জীৱন গোস্বামীয়ে। মূলত টংক দত্তৰ কৰ্মপটুতা আৰু সহনশীলতাৰ গুণৰ ব্যাখ্যা কৰে জীৱন গোস্বামীয়ে। একেদৰে ২০১০চনৰ দুৰ্ঘটনাৰ সেই সময়ৰ বৰ্ণনা কৰে দীপেন বৰাই ।