উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ বোলছবি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কার্য্যকৰী সভাপতি ডাঃ আলেক্ষ্য বৰুৱাই নাট কৰ্মশালাৰ আৰম্ভণি কৰে। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য প্ৰমুখ দয়াল কৃষ্ণ নাথে আতঁ ধৰা এই উদ্বোধনী অনুষ্ঠানত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ জ্যোতি হাজৰিকা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলাৰ সমন্বয়ক প্ৰাঞ্জল বৰুৱা, দেৱ কুমাৰ বৰা, বিহাৰৰ নাট পৰিচালক ঋষিকেশ কুমাৰ, শংকৰদেৱ শিশু নিকেতন ফুলবাৰীৰ আচাৰ্য প্ৰবীন বৰুৱা উপস্থিত থাকে। অনুষ্ঠানত বৰগীত, সত্ৰীয়া নৃত্য, চুটি নাটক আদি প্ৰদৰ্শন কৰা হয়। ভাষণ প্ৰদান কৰি ডাঃ আলেক্ষ্য বৰুৱাই আমাৰ সংস্কৃতি আমাৰ পৰিচয় আৰু ভাৰত বৰ্ষৰ বিভিন্ন সংস্কৃতিৰ প্ৰকৃত ধাৰা অটুত ৰখাৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা