শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : এজন সত্তৰোৰ্ধৰ ব্যক্তিক পথত মাৰপিট কৰাৰ গুৰুতৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰিছে অসম গণ পৰিষদ (অগপ) দলৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণক ৷ তিনিচুকীয়া আৰক্ষীৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে ৷ উল্লেখ্য যে অগপৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণৰ বিৰুদ্ধে পিতৃক মাৰপিটৰ অভিযোগ তুলি মঙ্গলবাৰে প্ৰয়াগ দৰ্শন কাশ্যপ নামৰ যুৱকজনে সদৰ থানাত অভিযোগ দাখিল কৰিছিল ৷ সেই অনুসৰি কালি দিনৰ প্ৰায় ১.৩০ বজাত চহৰখনৰ গেলাপুখুৰী অঞ্চল নিবাসী উদীপ শৰ্মা নামৰ প্ৰায় ৭৩ বছৰ বয়সীয়া ব্যক্তিজনে অগপ কাৰ্য্যালয়ৰ সন্মুখত বাহনখন ৰখাই কাষৰ এখন দোকানলৈ গৈ ঘূৰি অহাৰ সময়ত জ্যোতিমণি মৰাণ কাৰ্য্যালয়ৰ পৰা ওলাই বাহনখন সেই স্থানত ৰখোৱাক লৈ বয়োজ্যেষ্ঠ ব্যক্তিজনৰ সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু ইমানতে ক্ষান্ত নেথাকি তেওঁক মাৰপিট কৰে ৷ লক্ষ্যণীয়ভাৱে উদীপ শৰ্মাৰ পত্নীও সেই সময়ত তেওঁৰ সৈতে আছিল ৷ তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ বিশেষ ঘনিষ্ঠ বুলি পৰিচিত অগপৰ জিলা সভাপতি জ্যোতিমণি মৰাণে অৱশে মাৰপিটৰ অভিযোগ অস্বীকাৰ কৰি সামান্য কথা কটাকটি হৈছিল বুলিহে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ কিন্তু শেহতীয়াকৈ হাত বাগৰি পৰা এটা ভিডিঅ’ই অগপৰ জিলা সভাপতি জ্যোতিমণি মৰাণৰ মিথ্যাচাৰ উদঙাই তেওঁৰ দুষ্কাৰ্য প্ৰমাণিত কৰিছে ৷ ভিডিঅ’টোত দেখা গৈছে মৰাণে সত্তৰোৰ্ধৰ ব্যক্তিজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ স্পষ্ট দৃশ্য ৷ আঞ্চলিকতাবাদী দল এটাৰ জিলা সভাপতিৰ এনে অপকৰ্মই তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷