শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ মাৰ্চ : সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিখন ‘সদৌ তিনিচুকীয়া জিলা সত্ৰ মহাসভা’ নামেৰে আজি গঠন কৰা হয় । এই উপলক্ষে তিনিচুকীয়াৰ আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন গোস্বামীৰ সভাপতিত্বত তিনিচুকীয়াৰ আৱৰ্ত্ত ভৱনৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত জিলাখনৰ বিভিন্ন সত্ৰ, নামঘৰ, আধ্যাত্মিক ক্ষেত্ৰৰ পৰা অহা ৰাইজৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাবে অংশগ্রহণ কৰি সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সদৌ অসম সত্ৰ মহাসভাই সদায় কাম কৰি যাব বুলি উল্লেখ কৰে ৷ তেওঁ গুৰুজনাৰ সৃষ্টি নামঘৰ সমূহৰো উন্নয়নৰ বাবে চৰকাৰৰ লগত আলোচনা কৰি পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয় ৷ সভাত ভাষণ দি সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁও জিলাৰ শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়েও সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি যাবলৈ উপস্থিত সকলোকে আহ্বান জনায় ৷ তিনিচুকীয়াৰ সত্ৰীয়া কলা-সংস্কৃতিৰ সেৱক তথা বিশিষ্ট সমাজকৰ্মী অনিল বৰাই আঁত ধৰা সভাত একাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সদৌ অসম সত্ৰ মহাসভাৰ সম্পাদক শ্ৰীশ্ৰী তামোলবাৰী সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য কুমাৰ গোস্বামী, সত্ৰ মহাসভাৰ ভগ্নী সংগঠন আই কনকলতা মহিলা তীৰ্থৰ সহকাৰী সম্পাদিকা জয়শ্ৰী গোস্বামীও সভাত উপস্থিত থাকে । উক্ত সভাতে মানস প্ৰতীম শৰ্মাক সভাপতি, আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক মুনমুন গোস্বামীক কাৰ্যকৰী সভাপতি আৰু অনিল বৰাক সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিৰে ’সদৌ তিনিচুকীয়া জিলা সত্ৰ মহাসভা’ গঠন কৰা হয় ৷