শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ আৱৰ্ত ভৱনৰ পৰা অৱশেষত চি বি আই দলটোৱে আজি নগাঁও অভিমুখে ৰাওনা হয়৷ বিগত চাৰিদিন ধৰি লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলোৱাৰ লগতে লখিমপুৰৰ বহু নকল সোণ আৰু জাল নোট চক্ৰৰে জড়িত লোকক তলব কৰি সোধ পোছ কৰিছিল৷ ৮ জনীয়া চি বি আই দলটোৱে আমিনা খাতুন, হাচিনা বেগম, আবু তালিফ, বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু, লালুক চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থিকক আৰু আমিনা খাতুনক টকা ধাৰলৈ দিয়া ৰেজিবুল ইছলাম, নুৰ মহম্মদ, গুলে খাতুন, উমেদ আলি আদিক মাৰাথান জেৰা চলায়৷ লক্ষণীয় কথা যে তদন্ত কালত লখিমপুৰ সদৰ থানাৰ কম্পিউটাৰ তন্ন তন্ন কৈ পৰীক্ষা কৰে চি বি আই দলটোৱে কম্পিউটাৰৰ হাৰ্ড ডিক্স কপি কৰিও লৈ যায়৷ আজি ১০.৪৫ বজাত লখিমপুৰৰ পৰা নগাঁও অভিমুখে ৰাওনা হয় লাভলি কাটিয়াৰ নেতৃত্বত অহা ৮ জনীয়া চি বি আই দলটো।