শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনৰ সাহিত্য ক্ষেত্ৰলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই যোৱা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “তেজপুৰ সাহিত্য উৎসব ২০২২” ৰ অন্ত পৰে কালি অনুষ্ঠিত হোৱা বৰ্ণাঢ্য সামৰণি অনুষ্ঠানৰ যোগেদি। সৃজনীমূলক লেখাৰ সন্দৰ্ভত জেনিছ পাৰিয়াটৰ সৈতে অন্তৰংগ আলোচনা শীৰ্ষক আকৰ্ষণীয় কাৰ্যসুচীৰে আৰম্ভ হয় অন্তিম দিনৰ কাৰ্যসূচী। দেশৰ এগৰাকী জনপ্ৰিয় গল্পকাৰ উপন্যাসিক জেনিছ পাৰিয়াটে অন্তৰংগ আলোচনাত সৃজনীমূলক লেখাৰ বিভিন্ন দিশ সন্দৰ্ভত নিজৰ বক্তব্যৰে দৰ্শক শ্ৰোতা আৰু নবীন লেখক লেখিকা সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে। ‘আমি কি পঢ়ো?’ শীৰ্ষক অধ্যপিকা ড° পল্লবী ঝাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা গ্ৰন্থ অধ্যয়ন সম্পৰ্কীয় অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণ আছিল লক্ষণীয়। প্ৰখ্যাত কুইজ পৰিচালক ৰবীন কলিতাৰ পৰিচালনাত অনুষ্ঠিত হোৱা লাবণ্য ভূঞা সোঁৱৰণী কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তেজপুৰৰ চয়ন মজুমদাৰ আৰু বিশ্বায়ন ভট্টচাৰ্যৰ দলে। দ্বিতীয় স্থান লাভ কৰে তেজপুৰ বিশ্ববিদ্যাল়য়ৰ ধৃতিমান সাৱৰ্ণী আৰু অনুসূয়া বৰঠাকুৰৰ দলে।নগাঁও কলেজৰ প্ৰয়াস শৰ্মা আৰু আছিফ উজ জামানৰ দলে লাভ কৰে কুইজ প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ। একেদৰে ৫-১২ বছৰ বয়সৰ শিশুৰ মাজত অনুষ্ঠিত হোৱা সাধু কোৱা অনুষ্ঠানে তেজপুৰ সাহিত্য উৎসৱৰ থলীত উপস্থিত সকলোকে লৈ যায় কোনো পৰীৰ দেশলৈ । নাট্যকাৰ সাংবাদিক পুলক ডেকাৰ সঞ্চালনা আৰু অনিত কলিতাৰ পৰিচালনাত আয়োজিত বহু ভাষিক কবিতা পাঠ অনুষ্ঠানত অসমীয়া, ইংৰাজী, বৰো, নেপালী, বাংলা, চাদ্ৰী আদি বিভিন্ন ভাষাৰ প্ৰায় দুই ডজনৰ অধিক কবিয়ে কবিতা পাঠ কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে। সাহিত্য উৎসৱৰ অন্য এক আকৰ্ষণীয় কাৰ্যসূচী আৰ জে গুপশ্বপৰ সৈতে মুকলি মাইক অনুষ্ঠানত অবসৰপ্ৰাপ্ত অধ্যাপক লেখক ভাৰত বৰুৱা, দৰং মহাবিদ্যালয়ৰ ছাত্ৰ আদিত্য অংকুৰ নাথ আদিৰ কবিতা আবৃত্তি আৰু সংগীত নৃত্য আদিয়ে প্ৰেক্ষাগৃহ মুখৰ কৰি তোলে। সন্ধিয়া অনুষ্ঠিত হোৱা বঁটা বিতৰণ, সম্বৰ্ধনা আৰু সাংস্কৃতিক কাৰ্যসূচীত বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰাৰ লগতে একাংশ বিশিষ্ট ব্যক্তিক সাহিত্য উৎসৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে নেৰীৱালমৰ সঞ্চালক ড° প্ৰদীপ কুমাৰ বৰা, দৰং মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড° পলাশমনি শইকীয়া, সমাজকৰ্মী তথা স্থানীয় উদ্যোগপতি হেমন্ত কুমাৰ লহকৰ, সাহিত্য উৎসৱ উদযাপন সমিতিৰ উপসভাপতি মহেন্দ্ৰ কুমাৰ নাথ আদিয়ে নিজা মত বিনিময় কৰি সাহিত্য উৎসবে সংশ্লিষ্ট ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত লিখন শৰ্মাৰ দলে পৰিবেশন কৰা সুৰ সমলয়ৰ লগতে জামুগুৰিহাটৰ শিল্পীৰ এক দেশ বন্দনা শীৰ্ষক অনুষ্ঠানে সকলোকে সন্মোহিত কৰি তোলে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জয়শ্ৰী ভূঞা, আহ্বায়ক ড০ শ্বৰিতা শৰ্মা আৰু বিক্ৰম কলিতাই কাৰ্যসূচী সমূহ সফল কৰি তোলাৰ বাবে এক বিবৃতি যোগে সকলোকে ধন্যবাদ জনোৱাৰ লগতে কাৰ্য পৰিচালনাত অজ্ঞাতসাৰে ৰৈ যোৱা ভুল ভ্ৰান্তিৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ।