শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাইঃ চলিত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মধ্যপ্ৰাচ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভাৰতৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ ল’ব। ১১ জুলাই সোমবাৰে সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে এই বৈঠকত চাৰিখন দেশৰ শীৰ্ষ নেতাই কেইবাটাও বিষয়ত আলোচনা কৰিব বুলি প্ৰকাশ কৰিছে। আলোচনাত খাদ্য সুৰক্ষাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিব। জলবায়ু সংকটৰ বাবে সমগ্ৰ বিশ্বতে খাদ্য উৎপাদনৰ অৱস্থা এতিয়া অত্যন্ত বেয়া। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে বিশ্বৰ খাদ্য সংকট যিকোনো দিনতেই তীব্ৰতৰ হ’ব পাৰে বুলি সকলো দিশতে আশংকা কৰা হৈছে। ইউক্ৰেইনত ৰাছিয়াৰ সংকটে অনাগত মাহত খাদ্য সংকট আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলিও সকীয়াই দিছে ৰাষ্ট্ৰসংঘই। নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে, এই যুদ্ধই দৰিদ্ৰ দেশসমূহত খাদ্যৰ অসুৰক্ষিততা অধিক ভয়াৱহ কৰি তুলিছে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে, যদিহে ইউক্ৰেইনৰ ৰপ্তানি যুদ্ধৰ পূৰ্বৰ স্তৰলৈ ঘূৰাই আনিব নোৱাৰে, তেন্তে বিশ্ব দুৰ্ভিক্ষৰ সন্মুখীন হ’ব পাৰে আৰু এই দুৰ্ভিক্ষ বছৰৰ পিছত বছৰ ধৰি চলি থাকিব পাৰে। খাদ্য সংকটৰ বাবে ৰাছিয়াই পশ্চিমীয়াসকলক দোষাৰোপ কৰিছে তেওঁলোকে কয় যে পশ্চিমকে ধৰি জি-৭ দেশসমূহে মস্কোক পৃথক কৰাৰ বাবে চলোৱা এক সংহত প্ৰচেষ্টাই খাদ্য সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ চেনেলৰ পৰা ৰাছিয়াক অৰ্থনৈতিক আৰু বাণিজ্যিকভাৱে পৃথক কৰাৰ প্ৰচেষ্টাই ক্ৰমবৰ্ধমান অৰ্থনৈতিক সংকট আৰু খাদ্য সংকটক আৰু অধিক ভয়াৱহ কৰি তুলিছে।