সমন্বয়ৰ বাৰ্তা বিলাই জামুগুৰিহাটৰ হাটিঙা বিজয়পথাৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সামৰণি 

0 71

জামুগুৰিহাট : ১৮ নবেম্বৰঃ ৰং বিৰঙৰ আলোকসজ্জাৰ সমাহাৰৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত কালি নিশা সামৰণি পৰিল শোণিতপুৰ জিলাৰ নামঘৰনগৰী জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৪৯ তম হাটিঙা বিজয়পথাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ। উক্ত ৰাস মহোৎসৱৰ মহাৰাসৰ শুভ উদ্বোধন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল হাটিঙা বিজয়পথাৰৰ প্ৰাঙ্গনত অহা বছৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। এই সাৰ্বজনীন ৰাস মহোৎসৱৰ মহাৰাসত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখিবলৈ পোৱা গ’ল। এই ৰাস মহোৎসৱৰ বৈশিষ্ট্য হ’ল যে – বিভিন্ন চৰিত্ৰত অসমীয়া, গোৰ্খা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ পৰা অভিনয় প্ৰদৰ্শন কৰাটো। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল হাটিঙা বিজয়পথাৰৰ এই ৰাস মহোৎসৱে ইতিমধ্যেই সমন্বয়ৰ এক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে । উক্ত ৰাস মহোৎসৱৰ মহাৰাসত মুখ্য আকৰ্ষণ হিচাপে ৰাধাৰ ভাৱত অভিনয় কৰে অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী বাবলি বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.