সমন্বয়ৰ ৰূপকাৰ পদ্মশ্ৰী আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ শুভাৰম্ভ

0 189

“ঔপনিৱেশিক বিভেদকামী ইতিহাসৰ বিপৰীতে আব্দুছ ছাত্তাৰৰ দৰে লেখকে সমন্বয়ৰ বাৰ্তা বহন কৰিছে“–ছালিম আলি আহমেদ

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সমন্বয়ৰ ৰূপকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, বিশিষ্ট সাহিত্যিক আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচী অসম সাহিত্য সভা আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি উলহ মালহেৰে আৰম্ভ কৰা হয়।এই উপলক্ষে পুৱা সভাৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই আৰু ছাত্তাৰৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা সভাৰ প্ৰাক্তন সভাপতি নীৰদা গগৈ বৰাই। চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত গছ পুলি ৰোপন কৰে বিশিষ্ট আইনবিদ, অসম সাহিত্য সভাৰ আইন উপদেষ্টা ভৱ গোস্বামীয়ে। বিয়লি জিলা সভাৰ সভাপতি ড° বৰাৰ সভাপতিত্বত আয়োজিত মুকলি সভাখনি উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, আভিধানিক ড° বসন্ত কুমাৰ গোস্বামীয়ে। সভাত “আব্দুছ ছাত্তাৰ আৰু অসমীয়া সংস্কৃতিৰ সংমিশ্ৰণ“ শীৰ্ষক তথ্য গধুৰ মনোগ্ৰাহী বক্তৃতা আগবঢ়াই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক বিশিষ্ট সমালোচক ড° ছালিম আলি আহমেদে কয় যে ঔপনিৱেশিক ইতিহাসবিদসকলৰ বিভেদকাৰী দৃষ্টিভংগীৰ বিপৰীতে সমন্বয়ৰ প্ৰকৃত ইতিহাস ৰচনা কৰাৰ ক্ষেত্ৰত আব্দুছ ছাত্তাৰে উল্লেখনীয় বৰঙণি আগবঢ়াই গৈছে। ভাৰতীয় সংস্কৃতি আৰু অসমীয়া সংস্কৃতিব সংমিশ্ৰিত ৰূপটো সুন্দৰকৈ দাঙি ধৰা বক্তৃতাটোৱে সকলোকে মুগ্ধ কৰে। যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলো সোনোৱাল, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন দেউৰী, অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰাই। অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ক্ষীৰোদ দাসে আদৰণিৰ আঁত ধৰা আৰু জিলা সভাৰ সম্পাদক মাধৱ মহন্তই তত্বাৱধায়কৰ দায়িত্ব পালন কৰা সভাখনিত সমাজ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশলৈ বৰঙণি আগবঢ়োৱা অধ্যাপক ড° আদিল উল য়াচিন, সাংবাদিক ললিত বৰা, কৃতী শিক্ষয়িত্ৰী-সাহিত্যিক নীৰদা গগৈ বৰা, জনগোষ্ঠীয় সমন্বয়ৰ সংগঠক কৃষ্ণবাহাদুৰ ছেত্ৰী, কবি মহেন্দ্ৰ হাজৰিকা, বিশিষ্ট সমাজ কৰ্মী যুগলকিশোৰ আগৰৱালা, কৃষি বিজ্ঞানী তথা সাহিত্যিক ড° বিপিন খঙীয়াক সম্বৰ্ধনা জনোৱা হয়। সভাত মৌচুমী মহন্তই বৰগীত, অঞ্জুমা হাজৰিকাৰ দলে জিকিৰ, ইৰাদেৱী আৰু গীতাদেৱী চেতিয়াই গীত পৰিৱেশন কৰে। যোৰহাট জিলা সাহিত্য সভাৰ অৰ্ধশতাধিক শিল্পীয়ে পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত শিক্ষাবিদ কবিতা ৰাজগুৰু, সভাৰ প্ৰাক্তন প্ৰতাপ চন্দ্ৰ বৰুৱা, চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মানিক লাল মাহাতো, বিশিষ্ট চিকিৎসক ডা° বলীন খাৰঘৰীয়া, অধ্যাপিকা তথা বিজ্ঞান লেখিকা ড° অদিতি বেজবৰুৱা, ছাত্তাৰৰ পুত্ৰদ্বয় আদিব আহমেদ আৰু চালেক আহমেদ, জীয়াৰী ৰেহেনা আহমেদকে আদি কৰি শতাধিক ব্যক্তিয়ে সভাখনত অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.