সম্পাদকলৈ চিঠি

0 343

মাননীয় সম্পাদক মহোদয়,

অসমীয়া বাতৰি কাকত তথা আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা হ্রাস হৈছে বুলি সঘনাই এক অভিযোগ উঠা দেখা যায়। বৰ্তমান অসমত নিজৰ মাতৃভাষাটো পঢ়িব আৰু লিখিব পৰা লোকৰ সংখ্যা লাহে লাহে কমি অহাটোৱেই ইয়াৰ মূল কাৰণ বুলি ক’ব পাৰি। যিকোনো মাধ্যমতে অধ্যয়ন কৰিলেও অসমত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়েই যাতে অসমীয়া ভাষাটো শুদ্ধকৈ পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিব পাৰিলে ভাল হয় । এটা কথা উল্লেখ কৰা ভাল হ’ব যে কিছুমান পঢ়ুৱৈৰ বাতৰি কাকত আৰু আলোচনীৰ কিনাৰ সামৰ্থ্য নাথাকে । মনলৈ অহা কথা এটা প্রকাশ কৰিব বিচাৰিছো । যদি সম্ভৱ হয় আলোচনীবোৰৰ পুৰণি সংখ্যাবোৰ পিডিএফ ফাইলত উপলব্ধ কৰিব পাৰে , তেতিয়া কিনি পঢ়িবলৈ সামৰ্থ্য নথকা সকলে পঢ়িবলৈ সুবিধা পাব আৰু লগতে প্রবাসী অসমীয়া সকলৰ কিছুমানেও হয়তো আলোচনীবোৰ কিনিবলৈ আগ্রহ কৰিব পাৰে। এইকথাটো সংশ্লিষ্ট কর্তৃপক্ষই ভাবি চাব পাৰে । লগতে যদি সম্ভৱ হয়, সামাজিক মাধ্যমৰ যোগেদি আলোচনীবোৰৰ বিষয়ে প্রচাৰৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।

ড° বুলজিৎ বুঢ়াগোহাঁই,

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.