সাঁকো

0 61

অনন্ত বিকাশ

হৃদয়ৰ পৰা হৃদয়লে সাজো আহা
মৰমৰ সাঁকো
দুইপাৰ লগ হওক একাত্মতাৰে ৷
আহা হাত উজাৰো একত্ৰে

আজি নিৰ্বাক হৈ পৰিছে সময়
দুয়োপাৰৰ সম্বন্ধই কান্দিছে নিঃশব্দে
দুয়োপাৰেইতো আছে জোনাকপ্ৰিয়-প্ৰেমীক মানুহ
দুয়োপাৰেইতো আছে ৰক্তপিপাসু উদণ্ড অসুৰ
দুয়োপাৰেইতো আছে দুৰন্ত দেশপ্ৰেমী মানুহ

মই ‘মই’ হৈ থাকিম
তুমি ‘তুমি’ হৈ থাকিবা
আমিবোৰ ‘আমি’ হৈ থাকো দিয়া
সিহঁতবোৰ নিগমে লুকাব ???

মই জানো, তুমি আজন্ম প্ৰেমিক
মই জানো, তুমি ৰসাল জোনাক
মই বুজো, তুমিও আজি নিৰ্বাক সময়ৰ দৰে

আহা
সাহসেৰে এখোজ দিও
মোৰ এখোজ, তোমাৰ এখোজ
খুজি খুজিকৈ
সাঁকোডাল গঢ়োঁ ৷
দুয়োপাৰৰ প্ৰিয়তাক সাৱটি
বিভৎসবোৰ বিসৰ্জন দিওঁ
বৰলুইতৰ বলীয়া সোঁতত
দুয়োপাৰে নামক আত্মীয়তাৰ জোনাক।

কবি ঠিকনাঃ চামগুৰি, নাৰায়ণপুৰ -৭০৮৬৯ ৫৬৮০৮

মন্তব্য দিয়ক

Your email address will not be published.