সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উত্তৰণৰ বাবে ন্যূনতম দহকোটি টকা অনুমোদনৰ দাবী ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

মাজুলী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আছুৰঃ  ৬০ গৰাকী শিক্ষাৰ্থীক শিক্ষাকোষৰ শৈক্ষিক জলপানি প্ৰদান

0 36

শতাব্দ প্ৰতিনিধি, মাজুলী,১০ আগষ্টঃ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাজুলী মিলন সংঘ কমলাবাৰীত কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠিত হয়। অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে ৷ ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সংপৃক্তহৈ মাজুলীখন উজ্জ্বলাই তুলিবলৈ আহ্বান জনাইছে উপাচাৰ্য গৰাকীয়ে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ ছাত্ৰ-ছাত্ৰীসকলক ভাল ফলাফলৰ যোগেদি ভালদৰে অধ্যয়ন কৰি মুল্যবোধৰ শিক্ষা আৰু গুণগত শিক্ষাৰে শিক্ষিত হৈ নিজৰ মাতৃভাষা, মাতৃভূমিক সেৱাৰ মনোভাৱৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ অসম চৰকাৰে মাজুলীৰ শিক্ষানুষ্ঠান সমূহত গুৰুত্ব প্ৰদান কৰি মহাবিদ্যালয় সমূহত নতুন নতুন বিভাগ স্থাপনৰ দাবী জনায় ৷ তাৰ সমান্তৰালভাৱে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন উন্নীতকৰণ কৰি পূৰ্ণাংগ বিশ্ববিদ্যালয় ৰূপে গঢ় দিয়াৰ দাবী জনায় ৷ লগতে অসম চৰকাৰে ন্যূনতম দহ কোটি টকাৰ এটি পুজি মোকোলাই দিবলৈ আহ্বান জনায় ৷ মাজুলী জিলা আছুৱে ১০৪ গৰাকী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানতে মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গঠিত বিদ্যাৰ্থী কল্যাণ ন্যাস শিক্ষাকোষৰ তৰফৰ পৰা মাজুলীৰ ৬২ গৰাকী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক জলপানি প্ৰদান কৰা হয় ৷ সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, তথ্য সম্পাদক মৃদুল হাজৰিকা, সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° আনন্দ হাজৰিকা, পূব মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা, শিক্ষাকোষৰ মুখ্য উপদেষ্টা উমাকান্ত ৰাজখোৱা, ৰাম সাগৰ নাথ, সভাপতি ঘনকান্ত নাথ, সম্পাদক ৰঞ্জিত সেন উপস্থিত থাকে৷ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই আঁত ধৰা সভাখনত দেৱজিত শইকীয়াক বিপিন হাজৰিকা স্মৃতি বঁটা দাতা বাসন্তী হাজৰিকা, বাস্তৱ পায়েংক সভাৰাম নাথ স্মৃতি বঁটা দাতা আনন্দ নাথ, হিৰকজ্যোতি কলিতাক তিলেশ্বৰ শইকীয়া আৰু সুবৰ্ণ শইকীয়া সোঁৱৰণত গণিত বঁটা দাতা জীৱন শইকীয়া, হৃদয়জ্যোতি হাজৰিকাক ভোলাৰাম নাথ স্মৃতি বঁটা আৰু গোলাপ নাথ স্মৃতি বুৰঞ্জী বঁটা দাতা ৰাধাকৃষ্ণ নাথ আৰু তৰুপ্ৰভা নাথ, হীমা বৰা আৰু প্ৰিয়ংকা বৰাক মোলাৰাম নাথ আৰু দাবহী নাথ সোঁৱৰণি অসমীয়া বিষয়ৰ বঁটা দাতা প্ৰফুল্ল নাথ এই বঁটা প্ৰদান কৰা লগতে আৰু ১৫ জন ব্যক্তিৰ স্মৃতিত ১৫ টা ন্যাস বঁটা প্ৰদান কৰা হয় ৷ উক্ত বঁটা সমূহৰ লগতে মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৬২ জন দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক শিক্ষা কোষৰ জড়িয়তে আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ শিক্ষাকোষৰ বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে প্ৰাক্তন সাধাৰণ সম্পাদক যদু কলিতাই।

মন্তব্য দিয়ক

Your email address will not be published.