সাহিত্য সভাৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰী আশানুৰূপ হোৱা নাই

0 0

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰী: অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ যোৱা দুটা দিনৰ লগতে আজি তৃতীয় দিনাও অন্যান্য মেলাসমূহৰ লগতে গ্রন্থমেলাত সাহিত্যপ্রেমী লোকৰ অভাবনীয় ভিৰৰ সৃষ্টি হয় যদিও সেই অনুপাতে গ্রন্থ বিক্ৰী হোৱা নাই। আজি গ্রন্থমেলা বিপনী সমূহৰ পৰা গ্ৰন্থ বিক্ৰী সন্দৰ্ভত জানিব বিচৰাত গ্রন্থ বিক্ৰীৰ হাৰ উৎসাহজনক নহয় বুলিহে কেবাজনো প্রতিষ্ঠিত গ্রন্থ ব্যবসায়ীয়ে জানিবলৈ দিয়ে। বনলতা, ৰেখা প্রকাশন, চন্দ্র প্রকাশন কিতাপ ডট ইন, বিদ্যা মন্দিৰ আদি বিপণীসমূহে কয় যে গ্রন্থমেলাত ৰাইজৰ যেনেদৰে ভিৰ বাঢ়িছে তেনেদৰে গ্ৰন্থ বিক্ৰী হোৱা নাই।  নাৰায়ণপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাই ৭৬ সংখ্যক অধিবেশনত এইবাৰ গ্ৰন্থমেলা বিপনীত ১০১ খন গ্রন্থ বিপনীয়ে অংশ লৈছে। ইফালে নাৰায়ণপুৰৰ অসম সাহিত্য সভাৰ অধিৱশনত গোর্খা লোকসংস্কৃতি প্রদর্শনীয়ে সাহিত্যপ্রেমীক যথেষ্ট আকর্ষিত কৰে। গোর্খা জনগোষ্ঠীৰ বিভিন্ন খাদ্য সম্ভাৰ, সাজপোছাক, পৌৰাণিক বাচন বৰ্তন, অস্ত্রশস্ত্র, কৃষি সঁজুলি, ঘৰণীয়া ঘৰ আদিয়ে হাজাৰ হাজাৰ লোকক বিমুগ্ধ কৰিবলৈ সক্ষম হয়। বিশ্বনাথ জিলাৰ বিহালী বটিয়ামাৰী কলা সাংস্কৃতিক বিকাশ মঞ্চ, আমাৰ কলা কুঞ্জই প্ৰদৰ্শন কৰা এই লোক সাংস্কৃতিয়ে অধিবেশনস্থলীত বিপুল সমাদৰ লাভ কৰে। ইফালে সাহিত্য সভাৰ প্ৰদৰ্শনী মেলাত শিমলুগুৰি এজন লোকে পুৰণি পদ্ধতিৰে কুঁহিয়াৰৰ পৰা ৰস উলিয়াই অধিবেশনস্থলীতে গুৰ আৰু থলুৱা কুঁহিয়াৰ ৰস বিক্ৰীৰ ব্যৱস্থা কৰে। বিভিন্ন লোকে কুঁহিয়াৰ পেৰা যন্ত্ৰ সাহিত্য সভাতে দেখিবলৈ পোৱাৰ লগতে কেনেদৰে কুঁহিয়াৰৰ ৰসৰ পৰা গুৰ উৎপাদন কৰা হয় সেই দুষ্প্ৰাপ্য দৃশ্য প্রত্যক্ষ কৰিবলৈ সক্ষম হয়।

সংখ্যালঘু সম্প্ৰদায়ৰ লোকেও জাতীয় সাজপাৰ পৰিধান কৰি অধিবেশনত অংশগ্রহণ : সুখৰ কথা যে আজি নাৰায়ণপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিবেশনত জিলাখনৰ বঙালমৰাৰ তিনিঠেঙিয়া অঞ্চলৰ পৰা অহা প্ৰায় এশ গৰাকী যুৱতীয়ে জাতীয় সাজ (মুগা চাদৰ মেখেলা) পৰিধান কৰি অধিৱেশনস্থলীৰ মূল মঞ্চত চিৰ চেনেহী ভাষা জননী’ শীর্ষক সমবেত সংগীত পৰিবেশন কৰি সাহিত্য অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.