শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাৱধান! বেংকতো সুৰক্ষিত নহয় আপোনাৰ জমা ধন৷ লখিমপুৰৰ এক্সিছ বেংকত সংঘটিত হোৱা এনে এক ঘটনাই এই কথা পোহৰলৈ আনিছে৷ লখিমপুৰৰ খেলমাটিস্থ এক্সিছ বেংকৰ পৰা এগৰাকী গ্ৰাহকৰ ধন তেওঁৰ একাউণ্টৰ পৰা হৰলুকি হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰৰ এক্সিছ বেংকত কাবেৰী গগৈ বৰুৱা নামৰ এগৰাকী মহিলাই কিছুদিনৰ পূৰ্বে এটা একাউণ্ট খোলে৷ পৰৱৰ্তী সময়ত বেংকটোৰ এজন কৰ্মচাৰী প্ৰাণজিৎ বৰাই মহিলাগৰাকীক ক্ৰেডিট কাৰ্ড ঘৰত গৈ দি আহে৷ তাৎপৰ্যপূৰ্ণ কথা যে মহিলাগৰাকীক একাউণ্ট খোলাৰ সময়ত নিপু মিলি নামৰ কৰ্মচাৰীজনে সহায় কৰি দিছিল৷ সেইসূত্ৰে বেংকৰ তিনিজন কৰ্মচাৰীয়ে মহিলাগৰাকীৰ নকাৰীৰ ঘৰত গৈ উক্ত ক্ৰেডিট কাৰ্ডখন দি আহে৷ পিছত মহিলাগৰাকীয়ে ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নাই বুলি নিপু মিলিক ক্ৰেডিট কাৰ্ডখন বন্ধ কৰি দিবলৈ বহুবাৰ আহ্বান জনায়৷ ইয়াৰ পিছতো ক্ৰেডিট কাৰ্ডখন বন্ধ নকৰাৰ পিছত যোৱা ২৯-০৭-২০২২ তাৰিখে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কোনো দুষ্ট চক্ৰই ৪৯ হাজাৰ ৭৯৩.২৫ টকা সৰকাই নিয়ে৷ এই সন্দৰ্ভত গ্ৰাহকগৰাকীয়ে খেলমাটিৰ এক্সিছ বেংকলৈ গৈ লিখিত ভাৱে অভিযোগ দাখিল কৰাৰ পিছত বেংক কতৃৰ্পক্ষই তেওঁৰ উক্ত ক্ৰেডিট কাৰ্ডখন বন্ধ কৰি দিয়ে৷ বেংক কতৃৰ্পক্ষই এই সন্দৰ্ভত গ্ৰাহক গৰাকীক তিনি মাহৰ সময় বিছাৰে যদিও তিনি মাহ উকলি যোৱাত বেংকটোৱে গ্ৰাহক গৰাকীক কোনো সুদুত্তৰ নিদিয়াত মহিলাগৰাকী কিংকৰ্তব্য বিমূঢ় হৈ পৰাৰ লগতে তেওঁৰ চেভিংচ একাউণ্টটোক লৈ শংকিত হৈ পৰিছে৷ এই সন্দৰ্ভত অচিৰেই মহিলাগৰাকী আৰক্ষীৰ কাষ চাপিব বুলি জানিবলৈ দিছে৷ মহিলা গৰাকীয়ে দাবী কৰে যে তেওঁ কোনো লোকক ক্ৰেডিট কাৰ্ডৰ নম্বৰ অথবা বেংক একাউণ্টৰ নম্বৰ নিদিয়াৰ পিছতো কেনেদৰে বেংকটোত জমা ৰখা তেওঁৰ ধন হৰলুকি হ’ল তাক লৈ সন্দিহান হৈ পৰিছে৷