শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : সুষম আহাৰ কমেও ৬১% ভাৰতীয়ৰ সাধ্যৰ বাহিৰত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই কৰা এক অধ্যয়নৰ পৰা এই তথ্য লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, সংখ্যাৰ হিচাপত ভাৰতৰ প্ৰায় ৯৭ কোটি লোক বৰ্তমান সুষম খাদ্যৰ পৰা বঞ্চিত হৈ আছে। যিয়ে স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে। এছিয়াৰ মুঠ ৪৩.৫% লোকে সুষম খাদ্য গ্ৰহণ কৰিব পৰা নাই। ফলত এছিয়া মহাদেশৰ ক্ষেত্ৰত ভাৰতৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক। যদিও আটাইতকৈ দুখজনক পৰিস্থিতি নেপালত। তাত ৮৪% লোকে নিয়মিতভাৱে স্বাস্থ্যসন্মত খাদ্য নাখায়। নেপালৰ পিছত এই তালিকাত আছে পাকিস্তান (৬৩.৫%), আফ্ৰিকা (৬০%) আৰু বাংলাদেশ (৬৩.৫%)। ইয়াৰ পিছতে ভাৰত। FAOৰ বিশ্লেষণ অনুসৰি সুষম খাদ্য হ’ল এনেকুৱা খাদ্য যিয়ে কম প্ৰক্ৰিয়াকৃত খাদ্য যেনে শস্য, বাদাম, ফলমূল, গোটা শস্য আদি সেৱন কৰে। ভাৰতত চাৰিজনীয়া এটা পৰিয়ালে এনে খাদ্যৰ বাবে মাহে প্ৰায় ৬০০ টকা খৰচ কৰিবলগীয়া হয়। দেশৰ প্ৰায় ৬১ শতাংশ লোক সেই কামত অক্ষম। বিশেষজ্ঞসকলৰ মতে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সুষম খাদ্যৰ পৰা বঞ্চিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু একাংশ বিশেষজ্ঞই এইটোও আঙুলিয়াই দিয়ে যে, দেশৰ কোটি কোটি লোক এতিয়া চৰকাৰে প্ৰদান কৰা ৰেচনৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বাহিৰেও মহামাৰীৰ আৰম্ভণিৰ পৰাই ‘প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণমূলক খাদ্য আঁচনি’ৰ অধীনত গ্ৰাহকক পাঁচ কেজি বিনামূলীয়া খাদ্য শস্যৰ বিশেষ সাহায্য প্ৰদান কৰা হৈছে। যাৰ অধীনত তেওঁলোকে মাত্ৰ ২ৰ পৰা ৩ টকাত পাঁচ কিলোগ্ৰাম চাউল আৰু দালি লাভ কৰিছে। কিন্তু তেওঁলোকে দাবী কৰে যে চৰকাৰৰ এই সাহায্যই জনসাধাৰণৰ পেট পূৰণ কৰিলেও সুষম খাদ্যৰ ব্যৱধান পূৰণ কৰিবলৈ সক্ষম নহয়। ফলত প্ৰয়োজনীয় কেলৰিৰ যোগান পূৰণ হ’লেও পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ হোৱা নাই বুলি তেওঁলোকে দাবী কৰে।