সুৰা নিষিদ্ধ নাগালেণ্ডত সুৰাপায়ীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে’ : সুৰা নিষিদ্ধ নগাভূমিত সুৰাপায়ীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক। অলপতে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ – ৫ ৰ তথ্যৰ পৰা এই কথা প্ৰতীয়মান হৈছে। ২০১৯ চনৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে এই জৰীপ কাৰ্যই নগালেণ্ডৰ সকলো কেইখন জিলাকেই সামৰি লৈছিল। জৰীপৰ তথ্য বিশ্লেষণৰ পৰা দেখা গৈছে, নগালেণ্ডত ১৫ ৰ পৰা ৪৯ বছৰ বয়সীয়া পুৰুষ সকলৰ ৩১ শতাংশই সুৰা পান কৰে। এই ক্ষেত্ৰত সৰ্বভাৰতীয় গড় হৈছে ২২.৪ শতাংশ। অৰ্থাৎ প্ৰায় ৯ শতাংশ অধিক। আনহাতে এই একে বয়সৰ অন্তৰ্গত মহিলা সকলৰ ১.৪ শতাংশই সুৰা পান কৰে। ইয়াৰ সৰ্বভাৰতীয় গড় হৈছে ০.৭ শতাংশ। সুৰা পান কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ নগৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলৰ পুৰুষ কিছু আগবঢ়া। মহিলাৰ ক্ষেত্ৰত কিন্তু ই সম্পূৰ্ণ বিপৰীত। জৰীপৰ তথ্য অনুসৰি ৰাজ্যখনৰ জিলাভিত্তিত প্ৰাপ্ত বয়স্ক পুৰুষ সুৰাপায়ীৰ সংখ্যা ৱ’খা জিলাতেই সৰ্বাধিক (২৭.৭%)। ইয়াৰ পাছতেই আছে ক’হিমা (২৭.৪%), পেৰেণ (২৬.১%), ডিমাপুৰ(২৫.৭%) মহিলা সুৰাপায়ীৰ সংখ্যা আনহাতে ডিমাপুৰ জিলাত সৰ্বাধিক (১.৭%)।