শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : যোৱা ৪ আগষ্টত পৃথিৱীত G-2 ভূ-চুম্বকীয় ধুমুহাই আঘাত হানিছে আৰু সৰু সৰু G-1 ধুমুহাৰ সৃষ্টি হৈছে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই পৃথিৱী পৃষ্ঠৰ কেইবাটাও স্থানত অৰোৰা আৰু ৰেডিঅ’ ব্লেকআউট হোৱাৰ খবৰ প্ৰকাশ কৰিছে। আমেৰিকাৰ এন অ’ এৰ অধীনত থকা মহাকাশ বতৰ পূৰ্বাভাস কেন্দ্ৰই পূৰ্বে এক আপডেটত কৈছিল যে ৪ ছেপ্টেম্বৰত G-2 (মধ্যমীয়া) ভূ-চুম্বকীয় ধুমুহা আহিব, যিয়ে বিশ্বৰ শক্তি ব্যৱস্থাৰ ভাৰসাম্যতাত ব্যাঘাত জন্মাব পাৰে। পৃথিৱীত এই সৌৰ ধুমুহাৰ ফলত সৰুৰ পৰা মধ্যমীয়া ভূ-চুম্বকীয় ধুমুহাৰ সৃষ্টি হ’ব পাৰে। যিয়ে অৰোৰাক প্ৰভাৱিত কৰিব। ইয়াৰ বাবে সমগ্ৰ বিশ্বতে ৰেডিঅ’ ব্লেকআউট হোৱাৰ সম্ভাৱনা আছে।
* ভূ-চুম্বকীয় ধুমুহা কি?
সৌৰ বতাহৰ শক্তি পৃথিৱীৰ বায়ুমণ্ডলৰ লগত সংঘৰ্ষ হ’লেই এটা ভূ-চুম্বকীয় ধুমুহা হয়, যাক চুম্বক ধুমুহা বুলিও কোৱা হয়। এই সময়ছোৱাত সূৰ্যৰ পৃষ্ঠভাগত এক বৃহৎ বিস্ফোৰণ ঘটে আৰু এক অতি প্ৰবল পোহৰৰ সৈতে বিপুল পৰিমাণৰ শক্তি নিৰ্গত হয়, যাক সৌৰ ফ্লেয়াৰ বুলিও কোৱা হয়। কোৱা হয় যে এই সময়ত এক বিলিয়ন টন চৌম্বকীয় শক্তি প্ৰতি ঘণ্টাত লাখ লাখ মাইল গতিৰে মহাকাশলৈ নিৰ্গত হয়। যাৰ ফলত সূৰ্যৰ বাহ্যিক পৃষ্ঠৰ অংশ মুকলি হয় আৰু এই ফুটাবোৰৰ পৰা শক্তি নিৰ্গত হয়। দেখাত জুইৰ গোলা যেন লাগে। এই শক্তি কেইবাদিনো অবিৰতভাৱে নিৰ্গত হৈ থাকে আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ পাৰমাণৱিক কণালৈ ৰূপান্তৰিত হয় যিবোৰ বিশ্বব্ৰহ্মাণ্ডত সিঁচৰতি হৈ থাকে, যাক ভূ-চুম্বকীয় ধুমুহা বোলা হয়।
* কি হয় এই ধুমুহাৰ ফলত
যদি ভূ-চুম্বকীয় ধুমুহা বেছি প্ৰবল হয় তেন্তে ই উপগ্ৰহৰ সংযোগত ব্যাঘাত জন্মায়। পৃথিৱীৰ কক্ষপথত থকা সঁজুলি আৰু ইলেক্ট্ৰনিকছৰ ক্ষতি কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সৌৰ বতাহৰ তাৰতম্যৰ ফলত পৃথিৱীৰ চুম্বকমণ্ডলৰ প্ৰবাহ, প্লাজমা আৰু ক্ষেত্ৰৰ বৃহৎ পৰিৱৰ্তন ঘটে। ভূচুম্বকীয় ধুমুহাৰ স্থান G1ৰ পৰা G5লৈকে, G5 আটাইতকৈ শক্তিশালী। G4 বা G5 – পৃথিৱীত জীৱন সলনি কৰা পৰিঘটনাৰ সৃষ্টি কৰিব পাৰে আৰু বিদ্যুৎচালিত যিকোনো বস্তুৰ ক্ষতি কৰিব পাৰে। অৰোৰাক ওপৰলৈ ঠেলি দিয়াৰ উপৰি এই ধুমুহাই পাৱাৰ গ্ৰীড আৰু শক্তি কেন্দ্ৰ, ৰেডিঅ’ আৰু উপগ্ৰহ যোগাযোগ, নেভিগেচন ব্যৱস্থাকে ধৰি বৈদ্যুতিক ব্যৱস্থাসমূহক প্ৰভাৱিত কৰিব পাৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কৰ ষ্টাৰলিংক প্ৰকল্পত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছিল যেতিয়া এটা ভূচুম্বকীয় ধুমুহাই ইয়াৰ ৪০টা উপগ্ৰহৰ ক্ষতিসাধন কৰিছিল।