সেনাৰ পৰা প্ৰশিক্ষণ লৈছে অসম আৰক্ষী কমাণ্ডোৱে

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম আৰক্ষীৰ নতুনকৈ নিযুক্তি পোৱা কমাণ্ডোসকলক সেনাই উন্নত সামৰ্থ্য বিকাশ আৰু নিৰাপত্তা বাহিনীৰ মাজত অধিক সহযোগিতাৰ বাবে প্ৰশিক্ষণ দিছে বুলি প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে। যোৱা ২১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে অসম আৰু মেঘালয়ৰ ৭টা স্থানত এই ৪০দিনীয়া প্ৰশিক্ষণ। “প্ৰশিক্ষণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব– বেচিক পৰ্যায় আৰু এডভান্সড পৰ্যায়। মৌলিক সামৰিক প্ৰশিক্ষণৰ কেন্দ্ৰবিন্দু হ’ব প্ৰশিক্ষাৰ্থীসকলক মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে শক্তিশালী কৰা। অগ্ৰিম সামৰিক প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক কৌশলগত যুদ্ধ দক্ষতাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতি বজাই ৰখাৰ সৈতে জড়িত বিভিন্ন পুলিচিং দিশ শিকোৱা হ’ব।’’— প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয়। তেওঁ লগতে কয়— “এই যৌথ পদক্ষেপে কেৱল ৰাজ্যখনৰ নিৰাপত্তা স্থাপত্যৰ বাবে সামৰ্থ্য বিকাশত সহায় কৰাই নহয়, ই ৰাজ্যৰ নিৰাপত্তা বাহিনী আৰু সশস্ত্ৰ বাহিনীৰ মাজত যৌথ অভিযান চলাবলৈ সহযোগিতা আৰু সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিব।” বিষয়াগৰাকীয়ে কয় যে দশক দশক ধৰি সেনা আৰু ৰাজ্যিক আৰক্ষীয়ে যৌথ অভিযান চলাই আহিছে আৰু এইবোৰে অসমত অতি বৃহৎ পৰিসৰলৈ স্বাভাৱিক অৱস্থা অনাত মুখ্য ভূমিকা পালন কৰিছে৷ অসম চৰকাৰে সাম্প্ৰতিক সময়ত ৩০০ৰো অধিক মহিলাকে ধৰি প্ৰায় ২৭০০ জোৱানক নিযুক্তি দি নতুনকৈ পাঁচটা কমাণ্ডো বেটেলিয়ন গঢ়ি তুলি ৰাজ্যৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে আগবাঢ়িছে। লেফটেনেণ্ট কৰ্ণেল ৰাৱাটে লগতে কয়— ‘‘ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টা আৰু নিস্বাৰ্থ সেৱা অব্যাহত ৰাখি ভাৰতীয় সেনাই কমাণ্ডো বেটেলিয়নৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে সহায় আগবঢ়াইছে।”

মন্তব্য দিয়ক

Your email address will not be published.