সেনাৰ হাতত ৪৭০০ স্নাইপাৰ ৰাইফল, ৬ লাখ গুলী

শক্তিশালী দেশৰ সশস্ত্ৰ বাহিনী

0 16
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুন : অধিক শক্তিশালী হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনী। জানিব পৰা মতে, ৪৫০ কোটিৰো অধিক ব্যয় সাপেক্ষে ৪৮০০ৰো অধিক স্নাইপাৰ ৰাইফল ক্ৰয় কৰাৰ এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জুন মাহত প্ৰতিৰক্ষা ক্ৰয় ব’ৰ্ডে এই ক্ৰয়ত অনুমোদন জনায়। বিশেষ সূত্ৰই জনোৱা মতে, টেলিস্কোপিক ছাইটৰ দৰেই বৈশিষ্ট্যযুক্ত প্ৰায় ৪৮০০ স্নাইপাৰ ৰাইফল ক্ৰয় কৰা হ’ব। .৩৩৮ স্নাইপাৰ ৰাইফলটো ‘বাই ইণ্ডিয়ান’ শিতানত ৬ লাখ জাঁই গোলাবাৰুদসহ ক্ৰয় কৰা হ’ব। প্ৰতিৰক্ষা সূত্ৰ অনুসৰি প্ৰায় ৪৫০০ স্নাইপাৰ ৰাইফল সেনাবাহিনীলৈ, ২০০ৰো অধিক ভাৰতীয় বায়ুসেনালৈ আৰু বাকী নৌসেনালৈ যাব। আৰ এফ আইৰ মতে, নতুন স্নাইপাৰ ৰাইফলসমূহত .৩৩৮ লাপুয়া মেগনাম গোলাবাৰুদ ব্যৱহাৰ কৰা হ’ব আৰু ইয়াৰ ৰেঞ্জ বাৰশ মিটাৰ বা তাতকৈ অধিক হ’ব। এইবোৰৰ সেৱা জীৱন কমেও ১০ বছৰ বা পাঁচ হাজাৰ ৰাউণ্ড হ’ব লাগিব। গোলাবাৰুদৰ চেল্ফ লাইফ ১০ বছৰ হ’ব লাগিব। আৰ এফ আয়ে কয় যে, এই ক্ৰয়ৰ বাবে অনুৰোধ প্ৰস্তাৱ চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত সাময়িকভাৱে জাৰি কৰা হ’ব। শেহতীয়াকৈ আৰ এফ আয়ে দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ক্ৰয় কৰাৰ ফলত সশস্ত্ৰ বাহিনী শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে স্নাইপাৰ আক্ৰমণৰ ক্ৰমবৰ্ধমান ভাবুকিৰ মাজত আৰু দূৰৰ পৰা শত্ৰুৰ ওপৰত কৌশলগত সুবিধা লাভৰ বাবে সেনাই যোৱা পাঁচ বছৰ ধৰি পুৰণি ছোভিয়েট যুগৰ ঠাইত নতুন উন্নত স্নাইপাৰ ৰাইফল লাভ কৰাৰ চেষ্টা কৰি আহিছে। ১৯৮৩ চনৰ ভিনটেজ ড্ৰেগনভ স্নাইপাৰ ৰাইফল, ১৯৯০ চনৰ পৰা সামৰিক বাহিনীত ব্যৱহৃত। ২০১৬ চনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে ‘বাই গ্ল’বেল’ শ্ৰেণীবিভাজনৰ অধীনত আনুমানিক ৯৬২ কোটি টকা ব্যয় সাপেক্ষে ৫৬০০ হাই-প্ৰিচিচন স্নাইপাৰ ৰাইফল ক্ৰয় কৰিবলৈ অনুমোদন জনায়। ইয়াৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, তেওঁলোকৰ গোলাবাৰুদ পিছত ভাৰতত নিৰ্মাণ কৰা হ’ব। ৫৬০০ স্নাইপাৰ ৰাইফল ক্ৰয়ৰ বাবে এটা আৰ এফ পি পিছত ২০১৯ চনৰ জুন মাহত বাতিল কৰা হয়। স্নাইপাৰৰ আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। সেই ক্ষেত্ৰত স্নাইপাৰ ৰাইফলৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত আমেৰিকাৰ বেৰেট এম ৯৫ .৫০ বিএমজি আৰু ইটালীৰ বেৰেটা ভিক্ট্ৰিক্স স্ক’ৰপিঅ’ টিজিটি, .৩৩৮ লাপুয়া মেগনাম কাৰ্টিজ আদি অন্যতম। যোৱা বছৰ সেনাই সীমিত পৰিমাণৰ ফিনলেণ্ডৰ ছাকো .৩৩৮ টি আৰ জি-৪২ স্নাইপাৰ ৰাইফল ক্ৰয় কৰিছিল। ইতিমধ্যে এল অ’ চিত স্নাইপাৰৰ মাজত ৰাইফল অন্তৰ্ভুক্ত কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.