সোণাক্ষী সিনহাই হেৰুৱাব পিতৃৰ উত্তৰাধিকাৰ

0 29

বলিউডৰ মোহময়ী অভিনেত্রী সোনাক্ষী সিনহাৰ নাম জনপ্ৰিয়তাৰ তালিকাত হয়তো সদায়ে আছে আৰু থাকিব।সোনাক্ষীৰ দৰে ভাৰ্চেটাইল অভিনেত্রী বলিউড জগতত খুব কমই পোৱা যায়। কেৱল অভিনয় দক্ষতাৰপৰাই নহয় , নিজৰ ৰূপ লাৱণ্যৰ কৰিশ্মাৰেও দৰ্শকক মুগ্ধ কৰিব পৰাৰ সক্ষমতা আছে সোণাক্ষীৰ। বলিউডত সোনাক্ষীৰ আছে এক বিশেষ সন্মান। সোণাক্ষীৰ পিতৃ শত্রুঘ্ন সিনহাই বৰ্তমান ৰাজনৈতিক জীৱন অতিবাহিত কৰিলেও এসময়ত তেওঁ আছিল বলীউডৰ এজন বিখ্যাত তাৰকা। তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আচানচুলৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে বৰ্ষীয়ান অভিনেতাগৰাকী। কেইদিনমান আগতে ছচিয়েল মিডিয়াত এনে এখন ছবি ভাইৰেল হৈছিল যত ছলমান খানৰ লগত সোণাক্ষীৰ বিয়া হোৱা বুলি প্ৰচাৰ চলোৱা হৈছিল। এই ছবিখন প্ৰচাৰ হোৱাৰ পিছৰেপৰা শত্রুঘ্ন সিনহাই সোণাক্ষীক সম্পত্তিৰ উত্তৰাধিকাৰীৰপৰা বঞ্চিত কৰিছে। সেই সময়ৰপৰা বৰ্তমানলৈকে সেই খবৰটোৱে বিশেষ চৰ্চা লাভ কৰি অহা দেখা গৈছে। যদিও সেই ছবিখন সম্পূৰ্ণ ভূৱা আছিল বা দুয়োৰে মাজত ককাই ভনীৰ সম্পৰ্ক থকা বুলি অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰিছে তথাপি পিতৃ শত্ৰুঘ্ন সিনহাই সোণাক্ষীক সম্প্ৰতিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাটোৱে নতুন চৰ্চা লাভ কৰিছে।শত্ৰুঘ্ন সিনহাৰ মতে সোণাক্ষীয়ে ছলমানক বিয়া নকৰালেও কোনোদিনে সম্পত্তিৰ অধিকাৰ লাভ নকৰে।

 

মন্তব্য দিয়ক

Your email address will not be published.