সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

0 53

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৭ মে’ : গুৱাহাটী ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এখন কেৰিয়াৰ সজাগতা সভা ২৭ মে’ তাৰিখে অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই । বিদ্যালয়খনৰ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকল লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভাখন শুভাৰম্ভণি কৰে বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু ৰাণী বৰ্মনে । ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা. যেনে-কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) আদি কেনেকৈ কৰিব নিৰ্বাচন লাগে সেই বিষয়ে উল্লেখ কৰে । তেওঁ উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি আৰু তাৰ পৰৱৰ্তী পয্যায়ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে যে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰিব, সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়ায় । লগতে ড° বুঢ়াগোহাঁয়ে অসম ডনবস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering) বিভাগত বিটেক(B.Tech.) পাঠ্যক্রমত নাম ভর্তি প্রক্রিয়াৰ বিষয়েও উল্লেখ কৰে। ড° বুঢ়াগোহাঁয়ে সভাখনত অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে , লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা তেওঁৰ বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.