সোৱণশিৰি পাৰৰ ঘূনাসুঁতি : ঐতিহাসিক ঘুনাসূঁতিত নিৰ্মাণ হ’ব ‘পানৈ-জংকি ক্ষেত্র’ : নামফলক উন্মোচন

0 28
 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ জুলাই : লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ ঐতিহাসিক ঘুনাসূঁতিত নির্মাণ হ’ব ‘পানৈ জংকি ক্ষেত্র’। তদুপলক্ষে আজি ঘুনাসূঁতি তিনিআলিত মিচিং জনগোষ্ঠীৰ অন্যতম  পৰম্পৰাগত নৃত্য গুমৰাগৰ চেৱত মুখৰিত হৈ উঠে ঘুনাসূঁতিৰ বক্ষ। ধাৰাসাৰ বৰষুণকো নেওচি আজি উলহ-মালহেৰে উক্ত স্থানত নাম ফলক স্থাপন কৰা হয়। উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি ‘মিৰি জীয়ৰী’ উপন্যাসৰ পটভূমি ঐতিহাসিক ঘুনাসূঁতিত শীঘ্ৰে স্থাপন হ’ব ‘পানৈ জংকি ক্ষেত্র’। সমগ্ৰ বিশ্বৰ দৰবাৰত ঘুনাসূঁতিক জিলিকাই তোলাৰ লক্ষ্যৰে বিশিষ্ট সমাজকর্মী প্রয়াত মনিবৰ মিলিৰ স্মৃতিত তেওঁৰ সুযোগ্য পাঁচ পুত্র ধর্মানন্দ মিলি, দেৱানন্দ মিলি, নিত্যানন্দ মিলি, ডিম্ব নাথ মিলি আৰু ডাঃ ডম্বৰুধৰ মিলিয়ে দান সূত্ৰে আগবঢ়োৱা তথা পৰ্যটনৰ যথেষ্ট সম্ভাৱনা থকা এই ভূমিত আজি ‘পানৈ জংকি ক্ষেত্ৰৰ নামফলকৰ শুভ উন্মোচন কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণাকৃষ্ণ নাথে। উল্লেখ্য যে জংকি পানৈৰ প্ৰেমৰ জীৱন গাঁথা এই ঘুনাসূঁতিত ‘পানৈ জংকি ক্ষেত্র’ নিৰ্মাণ কৰিব এখন বলিষ্ঠ নির্মাণ সমিতিয়ে। গৰিষ্ঠ সংখ্যক মিচিং জনজাতি লোকৰ বসতিস্থল তথা সোৱণশিৰি পাৰৰ শস্য শ্যামলা, চিৰ সেউজ উক্ত ক্ষেত্ৰত পানৈ জংকিৰ প্ৰতিমূৰ্ত্তি, সংগ্ৰাহালয়, শিল্প উদ্যোগ, অতিথি শালা, পুথিভঁৰাল, বস্ত্ৰ উদ্যোগ, মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত চাংঘৰৰ লগতে মিচিং সমাজৰ বৰেণ্য লোকসকলৰ প্ৰতিচ্ছবিৰ উপৰি তেওঁলোকৰ কৰ্ম পৰিচয় অর্ন্তভুক্ত কৰি এই ‘পানৈ জংকি ক্ষেত্ৰখনক অসম তথা ভাৰতৰ লগতে বিশ্ব দৰবাৰত ‘পানৈ-জংকি’ৰ অমৰ প্ৰেম জিলিকাই তোলাৰ পৰিকল্পনা কৰা হৈছে। প্রতিকূল বতৰৰ মাজতে অনুষ্ঠিত হোৱা আজিৰ সভাত মুখ্য অতিথি হিচাপে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণাকৃষ্ণ নাথে অংশগ্ৰহণ কৰি পানৈ জংকি ক্ষেত্ৰৰ প্ৰচাৰৰ সকলো ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়ায় যাব বুলি কয়। আজিৰ অনুষ্ঠানত ‘পানৈ জংকি ক্ষেত্র’ নির্মাণ সমিতিৰ সভাপতি ডাঃ ডম্বৰুধৰ মিলি, সম্পাদক অনুপম শ‍ইকীয়া, কোষাধ্যক্ষ মনোৰঞ্জন টাইদ, উপ-সভাপতি পৰমানন্দ মিলি, সহ-সম্পাদক বসন্ত টাইদ, সাংগঠনিক সম্পাদক ক্রমে কবিন্দ্ৰ পাৱে, সৌৰভজ্যোতি মিলি, সাংস্কৃতিক সম্পাদক পৰেশ মিলি, সদস্য ভাইটি মিলি আদিৰ লগতে ঘুনাসূঁতিৰ বহুকেইজন বিশিষ্ট ব্যক্তি, ৰাইজ উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.