সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল

ভূমিস্খলনত আৱদ্ধ অত্যাধুনিক এছকাভেটৰঃ চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰী নিৰাপদ স্থানলৈ

0 109

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নিশালৈ এনে পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইফালে ভূমিস্খলনত ব্যৱহৃত এখন অত্যাধুনিক এছকাভেটৰ পাহাৰৰ মাটিয়ে পুতি পেলোৱাৰ খবৰ পোৱা গৈছে৷ উল্লেখ্য যে ২০০০ মেগাৱটৰ এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ অহাৰ সময়তে নিতৌ অথন্তৰ ঘটিব লাগিছে৷ শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলনৰ ফলত কাম কাজ বন্ধ হৈ পৰাৰ লগতে নিৰ্মীয়মান বান্ধটোৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰাত কেৱল এন এইচ পি চি চৌহদতে নহয় নামনিৰ বিভিন্ন এলেকাত আতংকৰ সৃষ্টি হৈছে৷ অৰুণাচল পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰিৰ বক্ষত জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ ফলত ইতিপূৰ্বে দুটা ডাইভাৰ্চন টাৰ্নেল বন্ধ হৈ পৰিছে৷ ভূমিস্খলনত এই টাৰ্নেল দুটা বন্ধ হৈ পৰাত নদীখনৰ বক্ষৰে অহা বৃহৎ পানীভাগ এতিয়া নিৰ্মীয়মান প্ৰকল্পটোৰ মূল বান্ধৰ ওপৰেৰে দিনে নিশাই বাগৰিবলৈ ধৰাত এন এইচ পি চিত একপ্ৰকাৰে হাহাকাৰ লগাৰ উপৰি যোৱা কেবাদিন ধৰি প্ৰকল্পটোৰ কামকাজ বন্ধ হৈ পৰিছে৷ এই এইচ পি চি কতৃৰ্পক্ষই প্ৰকল্পটো হাজাৰ বাধাৰ স্বত্বেও সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে প্ৰকৃতিৰ ৰোষত পৰিছে প্ৰকল্পটো৷ শুক্ৰবাৰে এন এইচ পি চিত ভয়ংকৰ ভূমিস্খলন ঘটাৰ পিছত শনিবাৰে নিশা প্ৰকল্পটোৰ মূল চালিকাশক্তি পাৱাৰ হাউচৰ এখন গাৰ্ড ৱাল সোৱণশিৰি নদীত খহি পৰাৰ ফলত নদীৰ পানী পাৱাৰ হাউচত সোমাই অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰিছে৷ ফলত পাৱাৰ হাউচৰ সকলো কাম কাজ বন্ধ হৈ পৰাৰ লগতে বিভিন্ন নিৰ্মাণ যন্ত্ৰ সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলগা হৈছে৷ কেৱল এয়ে নহয় লাহে লাহে সোমাই অহা পানীয়ে নিৰ্মীয়মান টাবাৰ্ইনতো প্ৰভাৱ পেলাইছে৷ প্ৰায় সম্পূৰ্ণ হৈ উঠা দুটা টাৰ্বাইনৰ লগতে ৬টা নিৰ্মীয়মান টাৰ্বাইনৰ কামকাজত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ আৰু বাধাৰ মাজতো গেৰুকামুখত কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেটত এন এইচ পি চিয়ে বৃহৎ নদীবান্ধ প্ৰকল্প তথা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আহিছে৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত আগবঢ়া এই বৃহৎ জলবান্ধ প্ৰকল্পটোত ইতিমধ্যে সৃষ্টি হৈছে বিভিন্ন অথন্তৰ৷ এনে কাৰ্য অব্যাহত থাকিলে আগন্তুক বৰ্ষত এন এইচ পি চিয়ে প্ৰথম অৱস্থাত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰিব নে নোৱাৰে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.