স্বাস্থ্যসেৱা উৎসৱঃ ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়নৰ গ্ৰেড প্ৰদান

0 28

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়ন কৰা হৈছিল। এই মূল্যায়নত A গ্ৰেড প্ৰাপ্ত ৫ খন জিলা আৰু ২ খন উদগনিমূলক বঁটাপ্ৰাপ্ত জিলাৰ লগতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ৫ খন জিলা চিকিৎসালয়, ১ খন মহকুমা চিকিৎসালয়, ৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ৫ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰে ৷ স্বাস্থ্য সেৱা উৎসৱৰ বহিঃমূল্যায়কসকলে অনলাইন যোগে দাখিল কৰা প্ৰতিবেদনসমূহ যোৱা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ চূড়ান্ত পৰ্যালোচনা কৰা হৈছিল। সেইমতে, ঘোষিত ফলাফল অনুসৰি, এই স্বাস্থ্য সেৱা উৎসৱে সামৰি লোৱা মুঠ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ ভিতৰৰে ১৫৩ খনে (১২ শতাংশ) ‘A Grade’,   ৬০৭ খনে (৪৯ শতাংশ) ‘B Grade’   আৰু    ৪৮৫ খনে (৩৯ শতাংশ) ‘C Grade’ লাভ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.