স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা

লখিমপুৰ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিলে মৰিগাঁওৰ দুই স্বামী - স্ত্ৰীক

0 39
 শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ নৱেম্বৰঃ অৱশেষত ৰঙাঘৰৰ ভাত খাব লগা হ’ল স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল কৰা মৰিগাঁওৰ দুই দম্পতীয়ে। লখিমপুৰ আৰক্ষী অধীক্ষকে আজি এই কথা সংবাদ মেল যোগে অৱগত কৰে। যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিছিল মৈৰাবাৰীৰ নাচিমা বেগমে। লখিমপুৰৰ উজ্জ্বলপুৰ হাইস্কুলত পৰীক্ষা দিছিল নাচিমাই। কৌশলেৰে পৰীক্ষা কেন্দ্ৰ লৈ নিয়া মোবাইলেৰে প্ৰশ্ন কাকতৰ ফটো তুলি তেও ভাইৰেল কৰিছিল। সেই নিশাই লখিমপুৰ আৰক্ষীয়ে নাচিমা আৰু স্বামী মফিজুদ্দিন আহমেদক মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে। কেবাঘণ্টাৰ জেৰা আৰু অনুসন্ধানৰ পাছত আজি দুয়োকে জেললৈ প্ৰেৰণ কৰা হয়। লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হোৱা ৫৮/২৩ নম্বৰৰ আৰু ১২০ বি /৪০৬/৪১৮/ আৰু ৬৮ আই টি ধাৰাৰ গোচৰত নাচিমা দম্পতীক জেললৈ প্ৰেৰণ কৰা হয় বুলি লখিমপুৰৰ আৰক্ষী অধীক্ষক জনে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত কৰ্তব্যত গাফিলতি আছে নেকি সেয়া চাবলৈ উপায়ুক্তই এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া বুলিও কয় আৰক্ষী বিষয়াজনে।
মন্তব্য দিয়ক

Your email address will not be published.