স্মাইলিং ছান: নাছাৰ কেমেৰাত ধৰা পৰিছে বিপদ

0 54

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰ : যেন সূৰ্যই হাঁহিছে। হাঁহিৰ ফলত গালত ডিম্পল পৰিছে। তেনে এখন ফটো নাছাৰ ছ’লাৰ ডায়নামিক অবজাৰভেটৰিত ধৰা পৰিছে। সূৰ্যই হাঁহি থকা যেন লাগিলেও বিজ্ঞানীসকলে তাত বিপদ দেখিছে। বিপদ লুকাই আছে সূৰ্যৰ গালত থকা ক’লা ডিম্পল তিনিটাত। বিজ্ঞানীসকলে দাবী কৰিছে যে সেই অন্ধকাৰ অঞ্চলবোৰৰ পৰা অতি শক্তিশালী সৌৰ ধুমুহা ওলাই আহিছে। সেই ক’লা দাগবোৰ দেখি বিজ্ঞানীসকলে অনুমান কৰিছে যে পৃথিৱীৰ ফালে সৌৰ ধুমুহা আহিব পাৰে। SpaceWeather.com-এ প্ৰকাশ কৰিছে সূৰ্যৰ এই হাঁহিমুখীয়া মুখখনৰ খবৰ। সেই চাইটটোৱে দাবী কৰিছে— “চাওক। আজি সূৰ্যই যেন হাঁহিছে।” সূৰ্যৰ বায়ুমণ্ডলৰ এটা ফুটাৰ পৰা এটা জটিল সৌৰ ধুমুহা ওলাই আহে। সেই ধুমুহাৰ দিশ পৃথিৱীৰ ফালে। মন কৰিবলগীয়া যে সূৰ্যৰ বুকুত দেখা কৃষ্ণগহ্বৰক ক’ৰ’নাল হোল বোলে। ইয়াৰ পৰাই সৌৰ ধুমুহাৰ উৎপত্তি হয়। সেই ঠাইবোৰৰ পৰা ওলোৱা ৰশ্মিবোৰ তীব্ৰ অতিবেঙুনীয়া প্ৰকৃতিৰ। গতিকে ইয়াৰ পৰা লোকচানৰ সম্ভাৱনা অতি বেছি। সৌৰ ধুমুহাই পৃথিৱীত খুন্দা মাৰিলে কিমান ক্ষতি কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কাৰণ সৌৰ ধুমুহাৰ চৰিত্ৰ অতি জটিল। ইয়াৰ ফলত পৃথিৱীৰ চুম্বকীয় অক্ষত প্ৰবল প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত জিপিএছ আৰু ৰেডিঅ’ তৰংগতো প্ৰভাৱ পৰিব পাৰে। কেৱল সেয়াই নহয়, এনে সৌৰ ধুমুহাৰ ফলত পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহবোৰো ধ্বংস হ’ব পাৰে। শ্বৰ্টৱেভ ৰেডিঅ’, মোবাইল সেৱা, আনকি ইণ্টাৰনেট সেৱাও বিঘ্নিত হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.