স্মার্টফোন, স্মার্ট ঘড়ীৰ পিছত আহিল স্মার্ট বেল্ট

জানো আহক কি কি বৈশিষ্ট্য আছে

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ মে’ : দৈনন্দিন জীৱনৰ প্রতিটো ক্ষেত্রতেই জড়িত হৈ আছে বিজ্ঞান। সেই বিজ্ঞানেই এইবাৰ বজাৰলৈ আনিবলৈ ওলাইছে এনে এপদ সামগ্রী, যি আক্ষৰিক অর্থতেই জড়িত থাকিব ব্যৱহাৰকাৰীৰ দেহত। এটা শীর্ষ বৈদ্যুতিন যন্ত্র নির্মাতা সংস্থাই বজাৰলৈ আনিবলৈ প্ৰস্তুতি চলাইছে স্মার্ট বেল্ট। নাম ৰখা হৈছে ‘ৱেলনেছ বেল্ট’ বা ‘ৱেল্ট’। বাহিৰৰ পৰা দেখিবলৈ সাধাৰণ বেল্টৰ দৰে হ’লেও এই স্মার্ট বেল্টৰ বকলেছৰ মাজত লুকাই থাকিব একাধিক অত্যাধুনিক প্রযুক্তি। আছে হৰেক ৰকমৰ চেন্সৰ। এই চেন্সৰবোৰে পৰিমাপ কৰিব একাধিক স্বাস্থ্য সূচক। চাই লওক আহক, কি কি সুবিধা আছে এই বেল্টত।
* যিয়েই এই বেল্ট পৰিধান কৰিব তেওঁ অতিৰিক্ত খাদ্য খাইছেনে নাই, কৈ দিব বেল্টে।
* জনাই দিব দিনটোত কিমান খোজ দিলে সংশ্লিষ্ট ব্যক্তিজনে।
* দীর্ঘ সময় বহি থাকিলেও জনাই দিব বেল্টে।
* বহুজনেই মানসিক চাপত গণ্ডগোল কৰে খোৱা বোৱাৰ ক্ষেত্ৰত। কিমান চাপ পৰিছে সেয়া পৰিমাপ কৰি স্মার্ট বেল্টে সতর্ক কৰি দিব গৰাকীক।
নিৰ্মাণ সংস্থাটোৰ খবৰ অনুসৰি এই সকলো তথ্যই সংশ্লিষ্ট ব্যক্তিজনে নিজৰ ফোনত চাব পাৰিব বিশেষভাৱে তৈয়াৰ কৰা এটা এপৰ সহায়ত। বেল্টপাটত ইউএছবি চার্জ দিয়াৰ চাৰ্জিং পইণ্ট আছে বুলিও জানিব পৰা গৈছে। বেল্টবিধত আছে ৯০ মিলি এম্পিয়েৰৰ এটা বেটাৰি। নিৰ্মাণকাৰী সংস্থাটোৰ দাবী— এবাৰ চার্জ দিলে কুৰি দিন থাকিব চার্জ। এনে এপাট বেল্টৰ দাম ভাৰতীয় মুদ্রাত প্রায় চাৰে সাত হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে। উল্লিখিত বৈশিষ্ট্যসমূহৰ উপৰি বিশেষভাবে নির্মিত আৰু কিছু অতিৰিক্ত বৈশিষ্ট্যসমৃদ্ধ একোপাট বেল্টৰ দাম হ’ব ১৫ হাজাৰ টকাৰ আশেপাশে।

মন্তব্য দিয়ক

Your email address will not be published.