হাঁহিৰে জীৱন,চকুৰ পানীৰে নহয়

তেজপুৰত হাস্য দিৱস উদযাপন

0 22

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ১ মে’: হাঁহিৰে জীৱন চকুৰ পানীৰে নহয়। এই শ্লোগানৰে আজি তেজপুৰ হাস্য সংঘই তেজপুৰৰ মাজগাঁওস্থিত জাতীয় ছহিদ বাকৰিত হাস্য দিৱস উদযাপন কৰে। পুৱা সাত বজাত এক শোভাযাত্ৰা বাহিৰ কৰি সকলোকে হাঁহিবলৈ আহ্বান জনোৱা হয়। ২০০৪ ত তেজপুৰত গঠন হোৱা তেজপুৰ হাস্য সংঘই ২০০৯ৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ প্ৰথমটো দেওবাৰে হাস্য দিৱস পালন কৰি আহিছে। সেই অনুসৰি আজি পুৱাই হাস্য সংঘৰ সদস্যসকলৰ লগতে আমন্ত্ৰিত অতিথিৰ অংশ গ্ৰহণৰে বিশেষ দিনটো উদযাপন কৰে। বিগত দুটা বৰ্ষ কভিদৰ বাবে হোৱা তলাবন্ধৰ বাবে হাস্য দিৱস উদযাপনৰ পৰা বিৰত থকা হৈছিল। আজি হাস্য সংঘই সীমিত কাৰ্যসূচীৰে উদযাপন কৰা দিৱসত পুৱা সংঘৰ সভাপতি ৰবীন শৰ্মাই পতাকা উত্তোলন কৰাৰ উপৰি উপস্থিত সকলোৱে জাতীয় সংগীত পৰিবেশন কৰে । ইয়াৰ পাছতে অস্থায়ী মঞ্চত এখন বিচিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সভাপতি শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখন গীত মাতে, কবিতা পাঠৰে জীপাল হৈ উঠে। অনুষ্ঠানত তেজপুৰৰ জ্যেষ্ঠ চিকিৎসক বিশ্বৰঞ্জন কলিতাই হাস্য দিৱসৰ তাৎপৰ্য দাঙি ধৰি হাঁহি ৰোগ নিৰাময়ৰ অন্যতম ঔষধ বুলি কয়। মদন কাটাৰীয়াই আৰম্ভ কৰা হাস্য সংঘ সমগ্ৰ বিশ্বতে আছে বুলিও তেওঁ কয়। সভাত দৰং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড° সতীশ ভট্টাচাৰ্য, অৱসৰ প্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, জ্যেষ্ঠ চিকিৎসক প্ৰদীপ বৰুৱা, শিশু বিশেষজ্ঞ শ্যামা শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি বক্তব্য আগবঢ়ায়। জীৱন বুটলিব হাঁহি হাঁহি আহ শীৰ্ষক সমবেত গীতৰে শুভাৰম্ভ কৰা বিচিত্ৰ অনুষ্ঠানত বক্তাসকলে ৰসিক বক্তব্যৰে হাঁহিব নজনালোক ডাৱৰীয়া বতৰৰ সদৃশ আৰু হাঁহিয়ে নিজৰ লগতে আনৰো উপকাৰ সাধে বুলিও কয়।হাস্য সংঘৰ সম্পাদক কেশৰাম নাথে আজিৰ সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে আদৰণি ভাষণ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.