শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ অহা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰ সহ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল, পৰীক্ষাৰ সৈতে সম্পৰ্কীত পৰ্যবেক্ষক, কৰ্মচাৰী আৰু নিৰীক্ষণ দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱা আদি কাৰ্য্যত জড়িত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ব্যতিৰেকে অন্য লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে ।
তদুপৰি পৰীক্ষা্ৰ সময়চোৱাত পৰীক্ষা কাৰ্য্যৰ লগত জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ৫০ মি. ব্যাসাৰ্দ্ধ এলেকাৰ ভিতৰত কোনো বাহন পাৰ্কিং তথা চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লগতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মবাইল ফোন, কেলকুলেটৰ, আৰু আন যিকোনো যোগাযোগৰ সঁজুলি যেনে ব্লু-টুথ আদি লগত আনিব নোৱাৰিব। ইয়াৰোপৰি পৰীক্ষা কেন্দ্ৰ সমূহৰ ৫০ মি. ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো খাদ্যৰ বিপণি, দোকান খোলাৰ অনুমতি দিয়া নহ’ব। তদুপৰি, পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিক পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ নিৰ্ধাৰিত আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ এই নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰদৰ্শিত হ’ব লাগিব আৰু এই নিষেধাজ্ঞা সমগ্ৰ শোণিতপুৰ জিলাত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব।