জামুগুৰিহাট, ২৩ জুনঃ প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদূৰ হায়দৰাবাদৰ তেলেংগনাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে । যোৱা ডিচেম্বৰতে যাত্ৰা আৰম্ভ কৰি ২৭ খন ৰাজ্য অতিক্ৰম কৰি ইতিমধ্যে আজি উপস্থিত হয় জামুগুৰিহাটত । জামুগুৰিহাটৰ ধলাইবিলত যুৱকজনক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে। সম্বৰ্ধনা গ্ৰহণ কৰি তেলেংগনাৰ যুৱক শ্ৰীকান্ত কল্যানে কয়- অসমৰ মানুহ অতিথি পৰায়ণ আৰু সংস্কৃতিবান । অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ দেখি ভাল পাইছো। দৈনিক দুশ কিলোমিটাৰ খোজকঢ়া যুৱকজনে আৰু ৮ খন ৰাজ্য ভ্ৰমণ কৰিয়েই যাত্ৰা সামৰণি মাৰিব বুলিও মন্তব্য কৰে ।