হোজাই, ৪ জুলাই: হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ শেহতীয়া বান-ক্ষয়ক্ষতিৰ জৰীপকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাত বান ক্ষয়ক্ষতি নিৰূপণৰ চৰকাৰী প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ দায়িত্ব ন্যস্ত কৰা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে দুপৰীয়া জিলাসদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত অনুপম চৌধুৰীসহ জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ মূৰব্বীসকল আৰু ৰাজহগাঁও ভিত্তিত গঠিত বান-ক্ষয়ক্ষতি জৰীপকাৰী দলসমূহৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগতে হোজাই জিলা বিজেপি-অগপৰ সভাপতিদ্বয়ৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত হোজাইৰ অতিৰিক্ত তিনিওগৰাকী অতিৰিক্ত উপায়ুক্ত, ডবকা, লংকা আৰু হোজাইৰ ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি, লোকনিৰ্মাণ, পশুপালন আৰু পশু চিকিৎসা, এপিডিচিএল, জলসম্পদ, জলসিঞ্চন, সমাজকল্যাণ, শিক্ষা, বন আদি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল আৰু বান-প্ৰভাৱিত প্ৰতিখন ৰাজহগাঁৱতে বান-ক্ষতিগ্ৰস্ত পৰিয়ালৰ ঘৰে ঘৰে গৈ ক্ষয়ক্ষতিৰ জৰীপ চলোৱাৰ বাবে জিলা প্ৰশাসনে নিয়োজিত কৰা জৰীপকাৰী দলৰ সদস্যসকলে অংশগ্ৰহণ কৰে।