হোৱা কথা আছিল আই আই টিৰ দৰে প্ৰতিষ্ঠান হ’লগৈ ছাগলীৰ বজাৰ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাই : ৯ বছৰ পূৰ্বে, অৰ্থাৎ ২০১৩ চনত পাকিস্তানে ভাৰতৰ আই আই টিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এটা সৰু এম আই টি মুকলি কৰাৰ সপোন দেখিছিল। কিন্তু সেয়া সপোন হৈয়েই ৰৈছে। সম্প্ৰতি পাকিস্তানে এম আই টিৰ বাবে প্ৰস্তাৱিত স্থানত ছাগলী বিক্ৰীৰ বাবে এখন বজাৰ স্থাপন কৰিছে। পাকিস্তানৰ কলেজ অৱ ইনফৰ্মেচন টেকন’লজিৰ মুৰব্বী ওমৰ ছাইফে নিজেই এই কথা কৈছে। পাকিস্তানত শিক্ষাৰ এই অৱস্থা দেখি ওমৰে গভীৰ হতাশ হৈছে। শেহতীয়াকৈ তেওঁ এটা টুইটত পাকিস্তানৰ সপোনৰ এম আই টি নিৰ্মাণৰ কথা থকা ঠাইখনৰ এখন ছবি আপলোড কৰিছিল। ওমৰে আপলোড কৰা এখন ফটোত দেখা গৈছে যে, প্ৰস্তাৱিত ভূমিত এখন ছাগলীৰ বজাৰ। লগত গাড়ী পাৰ্কিং কৰি ৰখা হৈছে। ওমৰ ছাইফে টুইটত লিখিছে— “২০১৩ চনত আমি পাকিস্তানত নিজাকৈ এম আই টি নিৰ্মাণ কৰিবলৈ সাজু আছিলোঁ। আমি ভাৰতৰ আই আই টি অনুকৰণ কৰি সকলো সুবিধা দিম বুলি ঠিক কৰিছিলোঁ। কিন্তু দুখৰ বিষয় যে আজি সেই ঠাইত এখন ছাগলীৰ বজাৰ স্থাপন কৰা হৈছে।‘’ তেওঁ নিজৰ টুইটৰ জৰিয়তে ‘দ্য ট্ৰিবিউন’ৰ এটা লিংকো শ্বেয়াৰ কৰিছে। এই লিংকত তেওঁ কৈছে যে, তেওঁ কিমান আশা কৰিছিল যে এদিন পাকিস্তানত মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি বা এম আই টি সৃষ্টি হ’ব। ওমৰে এই প্ৰকল্পটোৰ নাম ৰাখিছে পাকিস্তানৰ বাবে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি। তেওঁ এম আই টিত বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক বিষয়ত অত্যাধুনিক গৱেষণা বিচাৰিছিল। কিন্তু পাকিস্তানৰ ভুল নীতিৰ বাবে সেই ঠাইত ছাগলীৰ বজাৰ এখন স্থাপন কৰা হৈছে। প্ৰসংগক্ৰমে পৰৱৰ্তী সময়ত পাকিস্তানত থকা ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰিছিল ওমৰ ছাইফে। তেওঁ দাবী কৰে যে পাকিস্তানৰ উচ্চ শিক্ষাৰ অগ্ৰগতিৰ বাবে সকলোৱে কেৱল চিন্তিত হোৱাৰ ভাও ধৰিছে। তেওঁ লগতে কয় যে পাকিস্তানত ৬০০ৰো অধিক মহাবিদ্যালয় আছে। কিন্তু তেওঁলোকৰ কোনোৱেই তালিকাখন বনাই নিদিয়ে। তেওঁ বহু ৰাজনীতিবিদৰ সৈতেও এম আই টি সৃষ্টিৰ বাবে আলোচনা কৰে। কিন্তু ইয়াৰ পৰা একো লাভ নহ’ল। ইয়াৰ বিপৰীতে এতিয়া এম আই টিৰ ঠাইত ছাগলীৰ বজাৰ।

মন্তব্য দিয়ক

Your email address will not be published.