শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২৬ এপ্ৰিলঃ বিশ্বশান্তিৰ বাবে আৰু সমাজৰ হিংসা, অসুয়া, অশান্তি দূৰ কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে তেজপুৰৰ খোলাকুটি কছাৰীগাঁৱৰ মাহাত্মাৰে পৰিপূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান পৰিচালনা সমিতিয়ে বিগত বছৰৰ দৰে এইবাৰো অহা ১ মে’ আৰু ২ মে’ তাৰিখে থান প্ৰাংগণত বাৰ্ষিক পালনামৰ লগতে প্ৰদৰ্শনীমূলক দিহানামৰ আয়োজন কৰিছে । উল্লেখ্য যে, তেজপুৰৰ লগতে জিলাৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজে প্ৰতি বছৰেই ধূপ নৈবদ্যৰে ১ মে’ৰ দিনটোৰ এই বাৰ্ষিক পালনামত অংশগ্ৰহণ কৰি অঞ্চলটো বৈকুণ্ঠপুৰীলৈ পৰিণত কৰি আহিছে । এইবাৰ ১ মে’ পুৱা পাঁচ বজাত ঊষা কীৰ্তনৰ পিছত নগাঁৱৰ শ্ৰী শ্ৰী দীঘলী সত্ৰৰ অধিকাৰ মুনীন্দ্ৰ মহন্তৰ পৰিচালনাত সম্পন্ন হ’ব ভকত-বৈষ্ণৱসকলৰ বাৰ্ষিক পালনাম । আনহাতে ২ মে’ পুৱা পাঁচ বজাত প্ৰাতঃ প্ৰসংগৰ পিছত ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা প্ৰদৰ্শনীমূলক দিহানামত জিলাখনৰ কেইবাটাও দিহানামৰ দলে অংশগ্ৰহণ কৰিব বুলি বাৰ্ষিক পালনাম পৰিচালনা সমিতিৰ সভাপতি সুনীল শইকীয়া আৰু সাধাৰণ সম্পাদক জীতেন শইকীয়াই জানিবলৈ দিছে।