শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা এটি ১০ মহীয়া কেঁচুৱা। চত্তিচগড়ত হোৱা এক দুৰ্ঘটনাৰ ফলত শিশুটি অনাথ হৈ পৰে। অৱশ্যে এইবাৰ ৰেলৱেই তেওঁক চাকৰিৰ প্ৰস্তাৱ দিলে। ৰে’লৱেৰ সূত্ৰ অনুসৰি তেওঁক অনুকম্পামূলক কাৰণত চাকৰি দিয়া হৈছে। ১৮ বছৰ বয়সৰ পিছত তেওঁ এই কামত যোগদান কৰিব পাৰিব। বিষয়াসকলৰ মতে, দেশত এয়া সম্ভৱতঃ প্ৰথমবাৰলৈ ১০ মহীয়া শিশুক ৰে’লৱেই চাকৰি দিছে। চৰকাৰী কৰ্মচাৰীৰ সন্তানক এই বিশেষ পৰিস্থিতিত চাকৰি দিয়াৰ পৰম্পৰা আছে। ৰে’লৱেৰ সূত্ৰ অনুসৰি যোৱা ৪ জুলাইত শিশুটিৰ নামত দক্ষিণ-পূব মধ্য ৰে’লৱেৰ ৰায়পুৰ ৰে’লৱে সংমণ্ডলত এখন আবেদন দাখিল কৰা হৈছিল। শিশুটিৰ পিতৃ ৰাজেন্দ্ৰ কুমাৰে ভিলাইত ৰে’লৱেৰ সহায়ক হিচাপে কাম কৰি আছিল। ১ জুনত তেওঁ আৰু তেওঁৰ পত্নীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। কিন্তু ভাগ্যক্ৰমে সেই দুৰ্ঘটনাত তেওঁলোকৰ শিশুটি বাচিছিল। ৰায়পুৰ ৰে’ল সংমণ্ডলে শিশুটিক সকলো প্ৰকাৰে সহায় কৰিছে। বিষয়াসকলে জনোৱা মতে, শিশুটিৰ আঙুলিৰ ছাপ ৰে’লৱেৰ চৰকাৰী পঞ্জীয়নত পঞ্জীয়ন কৰা হৈছে। ৰে’লৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে আঙুলিৰ ছাপ লোৱা সময়ত শিশুটি কান্দি আছিল।