১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব সঘন লোডশ্বেডিঙৰ সমস্যাঃ শক্তিমন্ত্রী

0 19
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ ১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ’ব। এই কথা সদৰি কৰিছে শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাই। শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে সঘন লোডশ্বেডিঙকে ধৰি বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হ’বলগীয়া হৈছে মন্ত্রী নন্দিতা গাৰ্লোচাই। উল্লেখ যে অসহনীয় গৰমৰ মাজতে বিগত কিছুদিন ধৰি বিদ্যুতৰ সঘন লুকাভাকুৱে জলাকলা খুৱাইছে ৰাজ্যবাসীক। উৎকট গৰমত সঘন বিদ্যুৎ কৰ্তনৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। ঠায়ে ঠায়ে ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে। প্ৰচণ্ড ৰ’দত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা, তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ঘনে ঘনে বিদ্যুৎ কৰ্তন। বিভিন্ন স্থানত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰ্তন কৰা হৈছে বিদ্যুৎ। একপ্ৰকাৰ যেন শক্তিহীন হৈ পৰিছে শক্তি বিভাগ। প্ৰতিশ্ৰুতি দিছিল ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ। কিন্তু এতিয়া বিদ্যুৎ আহে আৰু যায়। এনে এক অসহনীয় পৰিস্থিতিৰ মাজতে আজি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে শীঘ্ৰে দূৰ হ’ব বিদ্যুতৰ নাটনিৰ সমস্যা। দহ-পোন্ধৰ দিনৰ ভিতৰত ৰাজ্যত দূৰ হ’ব বিদ্যুতৰ সমস্যা। বিদ্যুতৰ সকলো সমস্যা পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি মন্ত্রীগৰ‍কীয়ে কয়। অৱশ্যে এনে প্ৰতিশ্ৰুতি আগতেও চৰকাৰে দিছিল। কিন্তু প্ৰতিশ্ৰুতি পূৰণহে কৰিব পৰা নাই। এইবাৰ নতুনকৈ দায়িত্ব লাভ কৰা শক্তি মন্ত্ৰীয়েও প্ৰতিশ্ৰুতি দিছে যে বিদ্যুতৰ সমস্যা দূৰ কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.