১১খন দেশত মাংকীপক্সৰ আতংকঃ ভাৰতকো সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ সতর্ক বার্তা। ১১খন দেশত মাঙ্কীপক্সৰ ৮০টা কেচ নিশ্চিত কৰা হৈছে। কেনেকৈ বিয়পিছে মাঙ্কীপক্স, ইয়াৰ প্রাদুর্ভাৱৰ মাত্রা আৰু কাৰণ আৰু ভালকৈ বুজাৰ বাবে কাম কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। সংস্থাটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ভাইৰাছবিধ মূলতঃ স্থানীয় মানুহ আৰু পর্যটকৰ মাজত বিয়পিছে। মাঙ্কী পক্সৰ ঘটনা আফ্রিকাত প্রচলিত। য’ত মানুহক এন্দুৰ বা সৰু প্রাণীয়ে কামোৰাৰ ফলত সংক্রমিত হৈছে আৰু ই সাধাৰণতে মানুহৰ মাজত সহজে বিয়পি নপৰে। কিন্তু বর্তমান এই ৰোগত আক্রান্তৰ প্ৰমাণ পোৱা গৈছে। এই ভাইৰাছৰ প্রসঙ্গত জাৰি হৈছে সতর্কতা। এই ৰোগ মাৰাত্মক ৰোগবোৰৰ ভিতৰত এবিধ। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে, তেওঁলোকৰ তৰফৰ পৰা এপিডেমিঅ’লজিকেল ৰিচার্চ চলিছে। এই পর্যন্ত প্রায় ৮০টা নিশ্চিত কেচ পোৱা গৈছে আৰু ৫০টা কেচৰ পৰীক্ষা চলিছে। টেষ্টৰ সংখ্যা বৃদ্ধি পালে আক্রান্তৰ সংখ্যা আৰু বাঢ়িব বুলি অনুমান কৰা হৈছে। বিশেষজ্ঞসকলে কৈছে যে, কৰ’নাতকৈ সুকীয়া ধৰণে বিয়পিছে মাঙ্কী পক্স। বিশেষজ্ঞসকলৰ মতে ১০টা কঠিন ৰোগৰ ভিতৰত এটা হ’ল মাঙ্কী পক্স। এই ৰোগত আক্রান্ত হ’লে শৰীৰৰ মাৰাত্মক ক্ষতি হয়। আনকি কোনো শিশুৰ শৰীৰত এই ভাইৰাছে বাহ বান্ধিলে শিশুটিৰ মৃত্যুপর্যন্ত হব পাৰে। মাঙ্কী পক্স ফ্লুৰ দৰে ৰোগ। এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰিলে জ্বৰ, মূৰৰ বিষ, গাৰ বিষৰ দৰে লক্ষণে দেখা দিয়ে। লগতে ছালত ডাঙৰ ডাঙৰ ফোঁহা হয়। গৱেষণাত জনা গৈছে যে, স্মল পক্স ভেকচিনে মাঙ্কী পক্সৰ ক্ষেত্রত কাম কৰে। এই ভাইৰাছ শৰীৰত সংক্রমণ ঘটোৱাৰ চাৰিদিনৰ ভিতৰত স্মল পক্স ভেকচিন ল’লে কঠিন ৰোগৰ পৰা মুক্তি পাব পৰা যায়। ঘামচি, বসন্ত, স্কার্ভি আৰু চিফিলিছৰ কিছু কিছু লক্ষণৰ লগত এই ৰোগৰ মিল দেখা যায়। সেয়ে অনেকেই এই ৰোগৰ উপসর্গ চিনাক্ত কৰাত ভুল কৰে। এনে হোৱাই স্বাভাৱিক। সেয়ে এই সমস্যাই দেখা দিলে ডাক্তৰী পৰামর্শ লোৱা উচিত। জ্বৰ, ছালত সংক্রমণৰ দৰে সমস্যাৰ চিকিৎসা ঘৰুৱা চিকিৎসাৰে হোৱা কঠিন। সঠিক সময়ত চিকিৎসকৰ পৰামর্শ ল’লে ৰোগৰ পৰা মুক্তি পোৱাৰ কথা সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

মন্তব্য দিয়ক

Your email address will not be published.