১২ হাজাৰ শ্ৰমিকক চাটাইঃ ষ্টাৰ্টআপৰ ওপৰত বিত্তীয় সংকটৰ প্ৰভাৱ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : বিত্তীয় সংকটৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আই টি উদ্যোগ। এই বিভাগত চলিত বৰ্ষত কেইবা হাজাৰ শ্ৰমিকে চাকৰি হেৰুৱাইছে। অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভাৰতত চলিত বৰ্ষত ১২ হাজাৰৰো অধিক ষ্টাৰ্ট আপ কৰ্মীয়ে চাকৰি হেৰুৱাইছে। ইয়াৰ প্ৰভাৱ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অনুভৱ কৰা হৈছে। আমেৰিকাই আই টি উদ্যোগত প্ৰায় দুগুণ ভাৰতীয় শ্ৰমিক হেৰুৱাইছে। সেই দেশত ২২ হাজাৰ আই টি কৰ্মীয়ে চাকৰি হেৰুৱাইছে। লকডাউনৰ পিছত লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিভিন্ন খণ্ড। আই টি উদ্যোগ বা ষ্টাৰ্টআপৰ দৰে কোম্পানীবোৰ আকৌ ঘূৰি আহিছে। কিন্তু এইটো ছিজনত মাত্ৰ মুষ্টিমেয় কোম্পানীহে লাভৱান হৈছে। বেছিভাগ ষ্টাৰ্ট-আপতে বিত্তীয় ঘাটি দেখা গৈছে। ফলত কোম্পানীসমূহে শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ বাধ্য হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেটফ্লিক্স, বিত্তীয় সেৱা প্ৰতিষ্ঠান ৰবিনহুড আৰু কেইবাটাও ক্ৰিপ্টো প্লেটফৰ্মে নিজৰ কৰ্মচাৰী হ্ৰাস কৰিছে। পাবজি অনলাইন গেম নিৰ্মাতাসকলে নিজৰ কৰ্মশক্তিৰ আঠ শতাংশক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। আনকি এলন মাস্কৰ টেছলা কোম্পানীটোৰ কৰ্মচাৰীৰ সংখ্যা এই বছৰ ১০ শতাংশ হ্ৰাস পোৱাৰ কথাও জনা গৈছে। ভাৰতৰ ক্ষেত্ৰত বিষয়টো আৰু অধিক উদ্বেগজনক। ইতিমধ্যে দেশত বিভিন্ন ষ্টাৰ্ট আপ কোম্পানীৰ ১২ হাজাৰতকৈ অধিক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। দেশৰ আই টি উদ্যোগৰ সৈতে জড়িত বিশেষজ্ঞসকলে ভাবে যে, যদি বিত্তীয় সংকট দূৰ কৰিব নোৱাৰে, তেন্তে এইবাৰ ৫০ হাজাৰতকৈ অধিক শ্ৰমিকে চাকৰি হেৰুৱাব। অ’লা, বাইজুছ, বেদান্ত, আনএকাডেমী, এমপিন, এমপিএলৰ দৰে বহু কোম্পানীত কৰ্মচাৰীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.