১৩ আগষ্টত শোণিতপুৰত লোক আদালত

0 12
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ আগষ্টঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ আগষ্টত শোণিতপুৰ জিলা আদালত প্ৰাংগনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে বাকীজাই গোচৰ, ভূমি অধিগ্রহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক লোন গোচৰ, বি. এচ. এন. এল., বিদ্যুত বিলৰ গোচৰ, শ্রমিক সম্পৰ্কীয় গোচৰ ইত্যাদি গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ উদ্দেশ্যে লোক আদালত আয়োজন কৰা হ’ব। উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাজত আগতীয়াকৈ আলোচনাত বহি গোচৰ নিষ্পত্তিৰ মীমাংসা কৰিব পাৰিব আৰু লোক আদালত অনুষ্ঠিত হোৱা তাৰিখত গোচৰ নিষ্পত্তি কৰিব পাৰিব। ইয়াৰ উপৰিও আদালতত পৰিশোধ কৰা মাচুল ওভভাই দিয়া হয় আৰু নিষ্পত্তি হোৱা গোচৰৰ কোনো ধৰণৰ আপীল কৰাৰ ব্যৱস্থা নাথাকে। সেয়েহে, আগন্তক ৰাষ্ট্ৰীয় লোক আদালতত সম্পূৰ্ণ চৰকাৰী কোভিড সংক্রান্তীয় নীতি নির্দেশনা মানি অংশ গ্ৰহণ কৰি ন্যায় ব্যৱস্থাতো ত্বৰান্বিত কৰি তুলিবলৈ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ সৰা সংশ্লিষ্ট সদৌটিৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত বিতং তথ্যৰ বাবে ফোন নং ৮৬৩৮৭৪২১৬৪ আৰু ৮৭২১০৫৩৮৭৪ নম্বৰত অথবা Whatsapp অথবা ই-মেইল আইডি dlsasonitpur@gmail.com যোগে  শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।সেয়েহে ১৩ আগষ্ট অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতত সমূহ শোণিতপুৰ জিলাবাসীৰ সহযোগিতা জিলা আইন সেৱা প্ৰাধিকৰণে কামনা কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.