শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : ১৩ বছৰৰ পাছত এজন ৰে’ল যাত্ৰীয়ে লাভ কৰিলে নৈতিক জয়। ৰেলৱে কৰ্তৃপক্ষই ৰিজাৰ্ভচন ফৰ্ম শুদ্ধকৈ পূৰণ কৰাৰ পিছতো পুৰুষ যাত্ৰীজনক মহিলা যাত্ৰী হিচাপে পঞ্জীয়ন কৰিছিল। ফলত টিকট পৰীক্ষকে যাত্ৰীজনৰ পৰা জৰিমনা সংগ্ৰহ কৰিছিল। সেই প্ৰসংগত গোচৰ তৰে ভুক্তভোগী যাত্ৰীজনে। গ্ৰাহক পৰিক্ৰমা বিভাগে ৰেলৱেক জৰিমনাসহ যাত্ৰীজনক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে। এই ঘটনাটো ২০০৯ চনৰ ২৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল। ভোপাল গড়ৰ বাসিন্দা মহেশে আহমেদাবাদৰ পৰা যোধপুৰলৈ মাতৃ আৰু ভগ্নীৰ বাবে মুঠ তিনিটা টিকট সংৰক্ষণ কৰে। তাত ৰে’ল কৰ্তৃপক্ষই ভুলবশতঃ মহেশৰ লিংগ সলনি কৰি মহিলালৈ পৰিণত কৰিছিল। মহেশে এই বিষয়ে অভিযোগ কৰিলেও ভুলটো ৰেলৱেই শুধৰোৱা নাছিল। সেই টিকটটো লৈ যাত্ৰা কৰাৰ পিছত যোধপুৰ ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ষ্টেচনৰ ফ্লাইং স্কোৱাডে তেওঁৰ টিকটটো অবৈধ বুলি ঘোষণা কৰে। টিকটবিহীন যাত্ৰী হিচাপে গণ্য কৰি তেওঁৰ পৰা ৩৩০ টকা জৰিমনা সংগ্ৰহ কৰে। যোধপুৰৰ ডি আৰ এম-এ এই ঘটনাৰ বাবে যাত্ৰীজনক জগৰীয়া কৰিছিল। পিছত আয়োগৰ অধ্যক্ষই বিচাৰ প্ৰক্ৰিয়াত দুয়োপক্ষৰ মতামত শুনে আৰু ৰায়দান কৰে। শ্যাম সুন্দৰ লতা, সদস্য ড. অনুৰাধা ব্যাস, আনন্দ সিং চোলাংকীয়ে কয় যে, এই ঘটনাটোত ৰে’ল কৰ্তৃপক্ষৰ দোষ দেখা পোৱা যায় আৰু যাত্ৰীজনৰ কথা নুশুনাকৈ তেওঁক অন্যায়ভাৱে জৰিমনা বিহা হৈছিল। উপায়ুক্তগৰাকীয়ে লগতে কয় যে ৰে’ল যাত্ৰীজনে বৈধ টিকট লৈ যাত্ৰা কৰিছিল যদিও তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে আৰু তেওঁৰ সামাজিক সন্মান অন্যায়ভাৱে হৰণ কৰা হৈছে। ইয়াৰ ফলত দেশৰ ৰে’ল সেৱাৰ এক দুৰ্বলতা চিহ্নিত হৈছে। সকলো দিশ বিবেচনা কৰি গ্ৰাহক সুৰক্ষা আয়োগে ৩৩০ টকাৰ লগতে ক্ষতিপূৰণ হিচাপে অতিৰিক্ত ৫০ হাজাৰ টকা ঘূৰাই দিবলৈ ৰে’লৱে ব’ৰ্ডক নিৰ্দেশ দিয়ে।