১৬ আগষ্টত বিধান সভাৰ ১৯৬৮ চনৰ অধ্যক্ষ মহীকান্ত দাসৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সোঁৱৰণ

0 23

 শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪ আগষ্টঃ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পিছতেই যোৰহাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ মহীকান্ত দাসৰ অহা ১৬ আগষ্টত ৩৪ সংখ্যক মৃত্যুবাৰ্ষিকী ৷ যোৰহাট কাৰাগাৰত থকাৰ সময়ছোৱাত ৰাজনৈতিক বন্দীসকলৰ সভা-সমিতি আহ্বান কৰা আৰু খেলধেমালি অনুষ্ঠিত কৰাৰ দায়িত্ব মহীকান্ত দাসৰ ওপৰতে ন্য়স্ত হৈছিল৷ তেতিয়াই সান্নিধ্য লাভ কৰিছিল বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, গোপীনাথ বৰদলৈৰ দৰে স্বাধীনতা সংগ্ৰামীৰ৷ আনকি ৰাজনৈতিক বন্দী হিচাপে থকা কুশল কোঁৱৰকো সাক্ষাৎ কৰা মহীকান্ত দাস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সহপাঠী আৰু ৰাজনৈতিক সহযোগী আছিল৷ ১৯৬৮ চনত অসম বিধান সভাৰ অধ্যক্ষৰ আসন অলংকৃত কৰা স্বাধীনতা সংগ্ৰামী গৰাকীৰ অহা ১৬ আগষ্টৰ ৩৪ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে পৰিয়ালৰ তৰফৰ পৰা স্মৰণ কৰিছে তেজপুৰ কমাৰচুবুৰীৰ জীয়ৰী অনু দাসে৷

মন্তব্য দিয়ক

Your email address will not be published.