লিডট্ৰেণ্ডিংস্বাস্থ্য ১৮ বছৰৰ ওপৰৰ সকলোলৈকে বিনামূলীয়া বুষ্টাৰ ড’জ By শতাব্দ On Jul 14, 2022 0 8 শ্বেয়াৰ কৰক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাই : ১৫ জুলাই, অৰ্থাৎ কাইলৈৰ পৰা সকলো চৰকাৰী প্ৰতিষেধক কেন্দ্ৰত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুষ্টাৰ ড’জ। এতিয়ালৈকে চৰকাৰী প্ৰতিষেধক কেন্দ্ৰসমূহত মাত্ৰ ৬০ বছৰীয়া লোক, কোভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মীসকলেহে বিনামূলীয়াকৈ এই ড’জ লাভ কৰিবলৈ সক্ষম হৈছে। ১৫ জুলাইৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোৱে পাব এই ড’জ। যদিও এই সুবিধা অনন্তকালৰ বাবে নহয়। এই বিশেষ ভেকচিনৰ খণ্ডটো অহা ৭৫ দিনলৈ অৰ্থাৎ ২৮ ছেপ্টেম্বৰলৈকে চলি থাকিব। কোভিড ভেকচিনৰ দ্বিতীয় ড’জ দিয়াৰ ছমাহৰ পিছতহে বুষ্টাৰ ড’জ গ্ৰহণ কৰিব পাৰিব। ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ কথা মনত ৰাখি এয়া এক বিশেষ পদক্ষেপ বুলি কৈছে কেন্দ্ৰই। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডভৰে কয় যে, কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি দেশক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ এয়া বিশেষ পদক্ষেপ। দেশৰ ৯২ কোটিৰো অধিক লোকক ক’ভিড ভেকচিনৰ দুগুণ ড’জ প্ৰদান কৰাৰ পাছতো মাত্ৰ পাঁচ কোটি লোকেহে বুষ্টাৰ ড’জ গ্ৰহণ কৰিছে। কিন্তু বেছিভাগেই বুষ্টাৰটো ল’বলৈ আনীহা প্ৰকাশ কৰিছে। ইফালে কভিড সংক্ৰমণৰ গ্ৰাফডাল উঠা-নমা কৰি আছে, উৎসৱমুখৰ বতৰ ওচৰ চাপিছে। সেয়েহে ১৩ জুলাইত কেবিনেট বৈঠকত বিনামূলীয়াকৈ বুষ্টাৰ ড’জ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু ৬৫ দিনৰ সময়সীমা কিয়? স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলে আশা কৰিছে যে যিসকলে বুষ্টাৰ গ্ৰহণৰ সময় পাৰ হোৱাৰ পিছতো বুষ্টাৰ গ্ৰহণ কৰা নাই, তেওঁলোকে নিশ্চয় বিনামূলীয়াকৈ ভেকচিন ল’বলৈ আহিব। 0 8 শ্বেয়াৰ কৰক FacebookTwitterGoogle+ReddItWhatsAppPinterestইমেইল