১৮-২১ মেলৈ কেৰেলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ ক্রীড়া সমাৰোহ

0 18

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ মেঃ কেৰেলাৰ পালামত থকা ‘চন্দ্ৰশেখৰ নায়াৰ স্টেডিয়াম ‘ত ১৮-২১ মেলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ ক্রীড়া সমাৰোহ। এই ক্রীড়া সমাৰোহত অসমৰ হৈ একমাত্র খেলুৱৈ হিচাপে লখিমপুৰৰ ৬৬ বছৰীয়া মহিলা ক্রীড়াবিদ শশী খাউণ্ডে অংশ গ্ৰহণ কৰিব। তেওঁ কেৰেলাত অসম মহিলা ক্রীড়া সংস্থাৰ হৈ লং জাম্প, ট্রিপল জাম্প আৰু ১০০ মিটাৰ দৌৰত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। উল্লেখ্য যে এইগৰাকী মহিলা ক্রীড়াবিদে ইতিপূর্বে নতুন দিল্লীৰ ত্যাগৰাজ স্পৰ্টচ কমপ্লেক্সত অনুষ্ঠিত হোৱা ক্রীড়া প্রতিযোগিতাত অংশগ্রহণ কৰি সোণ আৰু ৰূপৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে শশী খাউণ্ড হৈছে অসম মহিলা ক্রীড়া সংস্থাৰ ৰাজ্যিক সম্পাদিকা।

মন্তব্য দিয়ক

Your email address will not be published.