দিল্লীত সুব্ৰত কাপ স্কুল ফুটবলত লখিমপুৰে দিলে ১৯ গল

0 0

নতুন দিল্লী, ২০ ছেপ্টেম্বৰঃ নতুন দিল্লীত চলি থকা ছোৱালীৰ ১৭ বছৰ অনুৰ্দ্ধৰ সুব্ৰত কাপ সৰ্বভাৰতীয় স্কুল ফুটবলৰ প্ৰথমখন গ্ৰুপ লীগৰ খেলত অসমৰ চেম্পিয়ন দল, লখিমপুৰৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক স্কুলে জম্মু-কাশ্মীৰৰ প্ৰতিপক্ষক ১৯-০ ব্যৱধানত পৰাজিত কৰে । লোহিত ডিক্ৰঙৰহৈ জোনালী সেনে ৭টা, ডলী গগৈয়ে ৫টা, স্বপ্নম দাস আৰু ৰুয়ুম দলেই দুটাকৈ তথা ঐছেং পেগু, ৰেখা কাকতী আৰু ৰিতু দলেই এটাকৈ গ’ল দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.