১ জুনৰ পৰা চেনি ৰপ্তানিত প্ৰতিবন্ধকতা

0 22

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে’ : ঘেঁহুৰ পাছত এইবাৰ ভাৰত চৰকাৰে চেনি ৰপ্তানিত নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰিছে। ভাৰতৰ বৈদেশিক বাণিজ্যৰ মহানিৰ্দেশালয়ে কালি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা এক জুনৰ পৰা সকলো প্ৰকাৰ চেনি (অশোধিত, শোধিত আৰু বগা) ৰপ্তানি নিষিদ্ধ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিছে। কিন্তু বিশেষ আঁচনিৰ জড়িয়তে ইউৰোপীয় সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা চেনিৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহ’ব। প্ৰধানকৈ ঘৰুৱা বজাৰত চেনিৰ উপলদ্ধতা আৰু মূল্য সুস্থিৰ ৰখাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বাণিজ্য মন্ত্ৰালয়ে জানিবলৈ দিছে। ভাৰতৰ বৰ্তমান ঘৰুৱা বজাৰত চেনিৰ পাইকাৰী মূল্য প্ৰতি কুইণ্টলত ৩,১৫০-৩,৫০০ টকা আৰু খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৩৬ ৰ পৰা ৪৪ টকা। নিৰ্দেশটোত কোৱা হৈছে যে, ১০০ লাখ মেট্ৰিক টনলৈকেহে চেনিৰ ৰপ্তানি কৰিব পৰা যাব আৰু অতিৰিক্ত পৰিমাণৰ ৰপ্তানিৰ বাবে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ অধীনস্থ চেনি সঞ্চালকালয়ৰ পৰা বিশেষ অনুমতিৰ প্ৰয়োজন হ’ব। উল্লেখযোগ্য যে ২০২১-২২ বৰ্ষৰ বাবে ভাৰতে ইতিমধ্যে অভিলেখ সূচক ৯০ লাখ মেট্ৰিক টন চেনি ৰপ্তানিৰ বাবে চুক্তিবদ্ধ হৈছে আৰু ইয়াৰে ৭৮ লাখ মেট্ৰিক টন ৰপ্তানি কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে চৰকাৰে দেশখনত চেনিৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ ওপৰত নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.