১ জুনৰ পৰা ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব

লখিমপুৰত সংবাদমেলত তীব্র ক্ষোভ আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্র সংস্থাৰ

0 109

শতাব্দ প্রতিনিধি, লখিমপুৰ ২৩ মে’: ৰাজ্যৰ শিক্ষামন্ত্রী ড° ৰনোজ পেণ্ডৰ ঘোষণা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ এক গোপন নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ ৮০০ গৰাকী আৰ এছ টি. চি., কৰ্মীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ৯৬ খন আবাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব বুলি ৰাজ্যৰ শিক্ষা বিভাগে ২১ মে’ত জাননী জাৰি কৰাৰ পিছতেই কৰ্মীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা চাকৰি হেৰুৱাবলগীয়া এইসকল কর্মীয়ে অহা ২৫ মে’ৰ পৰা চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে। আজি দুপৰীয়া নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এনেদৰে চৰকাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে আৰ, এছ, টি. চি.ৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীৱে। লখিমপুৰ জিলাৰ সভাপতি মনোজ শ‍ইকীয়া উপ-সভানেত্রী দীপালি কলিতা, জিলা সহকাৰী সম্পাদিকা খিনামাৰী দেৱী উপস্থিত থকা সংবাদ মেলত আব্দুৰ ৰাজীৱে কয় যে ২০০৩ চনৰ পৰা ৰাজ্যত চলি অহা ৯৬ খন বিশেষ আবাসিক প্রশিক্ষণ কেন্দ্র অহা ১ জুনৰ পৰা চৰকাৰে বন্ধ কৰি দিবলৈ যি সিদ্ধান্ত গ্রহণ কৰিছে সেয়া সম্পূর্ণ মানবতাহীন কাৰ্য। ইয়াৰ ফলত ৰাজ্যখনৰ ৮০০ গৰাকী কৰ্মী নিবনুৱা হৈ পৰিব বুলি উল্লেখ কৰাৰ লগতে চৰকাৰক এনে সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছে। ইয়াৰ অন্যথা ২৫ মে’ৰ পৰা তেওঁলোকে ৰাজপথত আন্দোলনত জপিয়াই পৰিব বুলি উল্লেখ কৰাৰ লগতে ৩০ মে’ত সৰ্ব্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কৰাৰ পিছত প্ৰয়োজন সাপেক্ষে মুখ্য মন্ত্ৰীৰ বাসভবন ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মেলত চৰকাৰ সকীয়াই দিয়ে। উল্লেখ্য যে ২০০৩ চনৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ১০ পৰা ১৪ বছৰ বয়সৰ বিদ্যালয়লৈ নোযোৱা বা আধাতে বিদ্যালয় এৰা একাংশ কিশোৰ-কিশোৰীক শিক্ষা দান কৰি পৰৱৰ্তী সময়ত এই ছাত্ৰ-ছাত্ৰীসকলক মূল সুঁতিৰ বিদ্যালয়লৈ প্ৰেৰণ কৰি আহিছিল। শেহতীয়াকৈ ২১ মে’ত চৰকাৰে এই কেন্দ্ৰ সমূহ ১ জুনৰ পৰা সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হ’ব বুলি জাননী জাৰি কৰাত কৰ্মী আৰু শিক্ষার্থীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সংবাদ মেলত সংস্থাই সদৰি কৰা অনুসৰি চৰকাৰে এই কেন্দ্ৰ সমূহ বন্ধ কৰিলে চৰকাৰৰ বিৰুদ্ধে সংস্থাই আদালতৰ দ্বাৰস্থ হ’ব ।

মন্তব্য দিয়ক

Your email address will not be published.