২০২১ চনত উৰ্ধগামী যক্ষ্মা ৰোগীৰ সংখ্যা

ভাৰতত বাঢ়িল সৰ্বাধিক

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ চনত বিশ্বত যক্ষ্মা ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা সন্দর্ভত এক প্রতিবেদন প্রকাশ কৰিছে৷ এই প্ৰতিবেদন অনুসৰি ভাৰতৰ অৱস্থা আতংকজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল টিভি ৰিপ’ৰ্ট ২০২২ অনুসৰি ২০২১ চনত বিশ্বজুৰি ১৬ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে। শতকৰা হাৰত বিশ্বৰ ২৮ শতাংশ যক্ষ্মা ৰোগী ভাৰতত আছে। প্ৰতিবেদন অনুসৰি ২০২০ চনৰ তুলনাত যোৱা বছৰ বিশ্বজুৰি যক্ষ্মা ৰোগীৰ সংখ্যা ৪.৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰে ১৬ লাখ লোকৰ যক্ষ্মা ৰোগত মৃত্যু হয়। যিটো চিন্তনীয় বুলি গণ্য কৰা হৈছে। ২৭ অক্টোবৰত প্ৰকাশ পোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ বাহিৰেও সৰ্বাধিক টিবি আক্ৰান্ত দেশসমূহ হ’ল ইন্দোনেছিয়া (৯.২ শতাংশ), চীন (৭.৪ শতাংশ), ফিলিপাইনছ (৮ শতাংশ), পাকিস্তান (৫.৮ শতাংশ), নাইজেৰিয়া (৪ .৪ শতাংশ ), বাংলাদেশ (৩.৬ শতাংশ ) আৰু কংগো গণতান্ত্ৰিক ৰিপাব্লিক (২.৯ শতাংশ)। প্ৰতিবেদন অনুসৰি মৃত টিবি ৰোগীৰ ভিতৰত ১ লাখ ৮৭ হাজাৰ ৰোগী এইচ আই ভি পজিটিভ আছিল। বিশ্বজুৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ আফ্ৰিকাত সৰ্বাধিক। প্ৰতিবেদন প্ৰকাশৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক টেড্ৰ’ছ এডানম গেব্ৰেইছাছে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক বাৰ্তা প্ৰদান কৰে। তেওঁ কয়— “কৰ’নাই যদি আমাক কিবা শিকাইছে, সেয়া হ’ল সংহতি, দৃঢ়তা, উদ্ভাৱন আৰু সঁজুলিৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ। সেই শিক্ষাবোৰ টিবি প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ আহক। আমি একেলগে যুঁজিব লাগিব যাতে আমি টিবি প্ৰতিৰোধ কৰিব পাৰোঁ।’’ প্ৰসংগক্ৰমে উল্লেখ্য যে কেইবাবছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে টিবি আৰু ডি আৰ-টিবি দুয়োটা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে বিশেষজ্ঞসকলে কৰ’না মহামাৰীক জগৰীয়া কৰিছে। কৰ’নাৰ সময়ত বহু টিবি ৰোগীয়ে উপযুক্ত চিকিৎসা লাভ কৰা নাছিল বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.