শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট: ২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটাৰ বাবে মাৰ্ঘেৰিটা নিবাসী, ক’ল ইণ্ডিয়া লিমিটেড চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া, অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, হাস্য-ব্যঙ্গ লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মাক নিৰ্বাচিত কৰা হৈছে৷ আজি মাধৱীলতা সাহিত্য ন্যাসৰ পৰিচালন ন্যাসৰক্ষী অতুল চন্দ্ৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈৰ মাধৱীলতা সাহিত্য ন্যাসে ২০০৫ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে জিলাখনৰ অন্তৰ্গত এগৰাকী বিশিষ্ট সাহিত্যিকক অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ সামগ্ৰিক সাহিত্যিক অৱদানৰ স্বীকৃতি স্বৰূপে “মাধৱীলতা সাহিত্য বঁটা“ প্ৰদান কৰি আহিছে৷ ২০২১-২০২২ বৰ্ষৰ বঁটা বিজয়ী ডাঃ ভৃঙ্গেশ্বৰ শৰ্মাৰ ইতিমধ্যে প্ৰকাশিত ষোলখন গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল উপন্যাস – ’বুকুত এবুকু আশা’, ’তেজে ধোৱা সময়’, ’আবেলিৰ ৰামধেনু’, গল্প সংকলন – ‘প্ৰেয়সী’, ’জাৰৰ দিনৰ চোলা’, ’কামাখ্যা ফাৰ্মাচিত চাৰিজন বন্ধু’, “মৃত্যু সম্পৰ্কীয় এটা বাজি’ আৰু হাস্য-ব্যঙ্গ সংকলন – দৈনন্দিন – ১, ২, ৩, আৰু ৪৷ ডাঃ শৰ্মাক এই বঁটা অহা অক্টোবৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত প্ৰদান কৰা হ’ব৷ বঁটাত থাকিব প্ৰশস্তি পত্ৰ, জয়লব্ধ স্মাৰক, অঙ্গবস্ত্ৰ আৰু নগদ দহ হেজাৰ টকা৷ উল্লেখযোগ্য যে বিগত বছৰ সমূহত এই বঁটা বিশিষ্ট সাহিত্যিক ক্ৰমে (প্ৰয়াত) জয়কান্ত গন্ধীয়া, (প্ৰয়াত) ৰবীন চৌধুৰী, (প্ৰয়াত) সুশীল কুমাৰ গগৈ, (প্ৰয়াত) হৰেন্দ্ৰনাথ বৰঠাকুৰ, শ্ৰীপুণ্য শইকীয়া, (প্ৰয়াত) পাৰুল শৰ্মা, শ্ৰীমতী শ্বৰীফা খাতুন চৌধুৰী আৰু ড° মদন শৰ্মালৈ আগবঢ়োৱা হৈছে৷
