২২মে’ত দেশজুৰি বাইকৰেলী ক্ৰীড়া ভাৰতীৰ

0 46
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৯মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৮টা স্থানৰ পৰা একেসময়তে অহা ২২মে’ৰ পুৱা ৮-৫৬বজাত আৰম্ভ হ’ব ক্ৰীড়া ভাৰতীৰ এক বাইক ৰেলী।দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপেই দেশৰ মুঠ ২২০স্থানৰ প্ৰত্যেকৰে পৰাই ৭৫খন মটৰচাইকেলৰে সমদল কৰা হ’ব। একোটা স্থানৰ পৰা ৫০-১২৫কিলোমিটাৰ ৰেলী কৰা হ’ব আৰু এনেদৰেই এই ৰেলীয়ে সামৰিব দেশৰ মুঠ ১৮হেজাৰ কিলোমিটাৰ দূৰত্ব।ৰাষ্ট্ৰ বন্দনাৰ অংশ হিচাপে দেশজুৰি একে সময়তে আৰম্ভ হ’ব আৰু ইয়াৰে অংশ হিচাপে ক্ৰীড়া ভাৰতী অসম প্ৰদেশেও ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।আজি অসম প্ৰদেশৰ সম্পাদক শ্যামন্ত শইকীয়াই তেজপুৰত প্ৰকাশ কৰা অনুসৰি এই বাইক ৰেলী ৰাজ্যখনৰ শ্ৰীৰামপুৰত আৰম্ভ হৈ বঙাইগাঁও, নলবাৰী, জালুকবাৰী, ৰৌতা, বিশ্বনাথ, নাৰায়ণপুৰ, গোগামুখ, ডিব্ৰুগড়, শিৱসাগৰ  নুমলীগড়, কলিয়াবৰকে ধৰি হাফলং, শিলচৰ আদি সকলো স্থানতে উলিওৱা হ’ব।উল্লেখযোগ্য যে ৰাজ্যত এই ৰেলীয়ে ১৮শ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.