২৩ ঘণ্টাই শুই থাকে এগৰাকী মহিলাইঃ মাধ্যাকৰ্ষণৰ প্ৰতি এলাৰ্জিৰ বিৰল ৰোগ

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰ : তেওঁৰ নাম লিণ্ডচে জনছন। তেওঁ এগৰাকী বিবাহিত আমেৰিকান মহিলা। শুনা যায় যে তেওঁ দিনটোৰ বেছিভাগ সময় বিছনাতে কটায়। নাই, তেওঁ অসুস্থ নহয়। তেন্তে তেওঁ কিয় বিছনাত পৰি আছে? তেওঁ মাধ্যাকৰ্ষণত অসুস্থ। প্ৰহেলিকাৰ দৰে শুনিছে? নাই, কোনো প্ৰহেলিকা নহয়। লিণ্ডচে জনছনে দাবী কৰিছে যে তেওঁ তিনি মিনিটতকৈ অধিক সময় থিয় দিব নোৱাৰে। বেছি সময় থিয় হ’লে সংজ্ঞা হেৰুৱাই পেলায়। ৰোগ নেকি? হয়, ৰোগ, ই পৃথিৱীৰ আটাইতকৈ ভুল বুজাবুজিৰ অন্যতম ৰোগ। লিণ্ডছেই ইয়াৰ বিষয়ে কি কয়? তেওঁ কয়— “মোৰ মাধ্যাকৰ্ষণৰ প্ৰতি এলাৰ্জী আছে। অবিশ্বাস্য যেন লাগিলেও সঁচা। ৩ মিনিটতকৈ অধিক সময় থিয় হৈ থাকিলে মই অজ্ঞান হৈ পৰোঁ, অসুস্থ হৈ পৰোঁ। শুই থাকিলেহে মই ভালেই থাকোঁ। গতিকে, দিনটোৰ ২৩ ঘণ্টা মই শুই থাকোঁ। মাত্ৰ ২৮ বছৰ বয়সতে শ্বাৱাৰ চকী ব্যৱহাৰ কৰিব লাগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ!” আচলতে ২৮ বছৰীয়া লিণ্ডচে জনছনৰ কি হৈছে? লিণ্ডচে ঠিক হৈ আছে, তেওঁ বহু সুস্থ হৈ উঠিছে, কিন্তু সম্পূৰ্ণৰূপে নহয়, আৰু কেতিয়াও নহ’ব। লিণ্ডছে কয় যে আগতে দিনটোত ১০ বাৰকৈ মূৰ্ছা যোৱাৰ হাৰ হৈছিল, কিন্তু এতিয়া তেওঁৰ মূৰ্চা যোৱাৰ হাৰ দিনটোত ৩ বাৰলৈ হ্ৰাস পাইছে। কিন্তু স্বাভাৱিক মানুহৰ দৰে দৈনন্দিন কাম-কাজ কৰিবলৈ তেওঁ এতিয়াও অসুবিধা পায়। এই সকলোবোৰত তেওঁ স্বামী জেমছ জনছনৰ সহায় ল’বলগীয়া হয়। লিণ্ডছে কয় যে ইয়াৰ বাবে তেওঁ স্বামীৰ ওচৰত অতিশয় কৃতজ্ঞ। এবাৰ এজন হৃদৰোগ বিশেষজ্ঞই কৈছিল যে লিণ্ডচে postural orthostatic tachycardia syndrome (PoTS) ৰোগত আক্ৰান্ত হৈ আছে। এই ৰোগৰ বাবে তেওঁ ‘টিল্ট’ পৰীক্ষা কৰিবলগীয়া হৈছিল। এই পৰীক্ষাত ৰোগীৰ হৃদস্পন্দন, ৰক্তচাপ, তেজৰ অক্সিজেন ইত্যাদি পৰীক্ষা কৰা হয়। কিন্তু পৰীক্ষাত লিণ্ডচে এক বিৰল ৰোগত ভুগি থকা বুলি জানিব পৰা গৈছে। সেয়া হ’ল মাধ্যাকৰ্ষণৰ প্ৰতি এলাৰ্জি! বিশ্বাস কৰিব নোৱাৰা যেন লাগিব পাৰে, কিন্তু লিণ্ডচে জনছনে ঠিক এইটোৱেই দাবী কৰিছে। লিণ্ডছে দাবী কৰিছে যে তেওঁৰ মাধ্যাকৰ্ষণৰ প্ৰতি এলাৰ্জী আছে আৰু ইয়াৰ বাবে দিনটোত কমেও দহবাৰ মূৰ্চ্ছা যায়। দিনটোত প্ৰায় ২৩ ঘণ্টা বিছনাত পৰি থাকিব লগা হৈছে। কেতিয়াবা বিছনাত বহি থাকে। কেৱল গা ধোৱা আৰু খোৱাৰ দৰে অত্যাৱশ্যকীয় কামৰ বাবেহে উঠে। চিকিৎসকৰ মতে ই এক অতি বিৰল স্বাস্থ্যজনিত সমস্যা। উল্লেখ্য যে, লিণ্ডছে জনছনে আমেৰিকান নেভিত aviation diesel mechanic হিচাপে কাম কৰিছিল। কিন্তু এই ৰোগৰ বাবেই তেওঁ ২০১৮ চনত চাকৰিৰ পৰা অব্যাহতি ল’বলগীয়া হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.