২৭ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ একাউণ্ট যোগে সদৰি কৰে এই কথা। সোমবাৰ ২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ২,৪৯,৮১২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩৮,৪৩০ গৰাকী বিজ্ঞান শাখাত, ১,৯১,৮৫৫ গৰাকী কলা শাখাত আৰু ১৮,৪৩২ গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে। বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে ১,০৮১ গৰাকী পৰীক্ষাৰ্থী। সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।